DU ragging updates: এন্টি ৰেগিং সমিতিৰ বৈঠকত গ্ৰহণ কৰা নহ'ল কোনো ধৰণৰ সিদ্ধান্ত

author img

By

Published : Dec 2, 2022, 9:54 AM IST

DU ragging updates

পুনৰ আজি অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং সমিতিৰ বৈঠক (DU Anti ragging committee meeting) বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে প্ৰায় ১০ ঘণ্টাৰ বৈঠকত নহ'ল কোনো সিদ্ধান্ত । শুকুৰবাৰে পুনৰ হ'বলগা বৈঠকত ৬ জন অভিযুক্তক ভাষ্য গ্ৰহণ কৰিবৰ বাবে তলৱ কৰিছে ।

ডিব্ৰুগড়, 2 ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং সমিতিৰ দীঘলীয়া বৈঠকত গ্ৰহণ নহ’ল কোনো সিদ্ধান্ত (DU Anti ragging committee meeting) । বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে প্ৰায় ১০ ঘণ্টাৰ বৈঠকত নহ'ল কোনো সিদ্ধান্ত । পুনৰ আজি অনুষ্ঠিত হ'ব বৈঠক । কালি ১১ গৰাকী অভিযুক্ত ছাত্ৰক বৈঠকত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছিল এন্টি ৰেগিং সমিতিয়ে (DU ragging updates)। কিন্তু বৈঠকত পাঁচ গৰাকীয়েহে উপস্থিত থাকি নিজৰ ভাষ্য প্ৰদান কৰে ।

অৱশ্যে ইয়াৰ ৪ গৰাকী ছাত্ৰ ভাৰ্চুৱেলী আৰু এজন সোঁশৰীৰে উপস্থিত থাকে । স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰায়ো ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিলে বৈঠকত । শুকুৰবাৰে পুনৰ ১১ বজাৰ পৰা হ'বলগা বৈঠকত ৬ জন অভিযুক্তক ভাষ্য গ্ৰহণ কৰিব বাবে তলৱ কৰিছে । ভয়ংকৰ ৰেগিং ঘটনা সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা বৈঠকত এণ্টি ৰেগিং সমিতিয়ে ল'ব সিদ্ধান্ত ।

এন্টি ৰেগিং সমিতিৰ বৈঠকত গ্ৰহণ কৰা নহ'ল কোনো ধৰণৰ সিদ্ধান্ত

উল্লেখযোগ্য যে, ইতিমধ্যে চাৰিজন অভিযুক্তক বিশ্ববিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা লগতে আগন্তুক তিনি বছৰৰ বাবে দেশৰ কোনো শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিব নোৱাৰিব বুলি নিৰ্দেশনা দিছে । তদুপৰি ১৮ জন ছাত্ৰক ইতিমধ্যে ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰা হৈছে (Student expelled for ragging)।

ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত হিচাপে পৰিচিত হোৱা কল্যাণ দত্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতেই কালি নিজৰ ফেচবুকৰ জড়িয়তে বহু চাঞ্চল্যকৰ মন্তব্য দিছে কল্যাণ দত্তই (Prime accused of Dibrugarh University ragging) । পলাতক কল্যাণ দত্তই নিজকে নিৰ্দোষী আখ্যা দি পুলিচৰ ভয়ত পলাই থকা নাই বুলি উল্লেখ কৰে ।

আনন্দ শৰ্মাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলত আচলতে কি হৈছিল সেইদিনা সেই কথাও কয় কল্যাণ দত্তই । নিজৰ নাম এই ঘটনাৰ লগত জড়িত হোৱাত ভাগি পৰা বুলি উল্লেখ কৰি আৰক্ষীৰ ওচৰত নিজেই আত্মসমৰ্পণ কৰাৰ কথা কয় কল্যাণ দত্তই(Ragging at Dibrugarh university) ।

লগতে পঢ়ক: DU Ragging case: ৰেগিংকাণ্ডৰ পলাতক কল্যাণ দত্তৰ চাঞ্চল্যকৰ ফেচবুক লাইভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.