ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Mar 13, 2022, 9:11 AM IST

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ তলৰে নিৰ্মাণ হবলগীয়া সুৰংগৰ কামৰ বুজ ল’লে বৰ্ডাৰ ৰোডছৰ সঞ্চালকে

ভাৰতীয় সেনাৰ বৰ্ডাৰ ৰোডছ অৰ্গনাইজেছনৰ মুখ্য সঞ্চালক লেফ্টনেন্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি তেজপুৰৰ প্ৰজেক্ট ভৰ্টক কাৰ্যালয়ত উপস্থিত হয় । বৰ্ডাৰ ৰোডছৰ সঞ্চালক গৰাকীয়ে আজি তেজপুৰত উপস্থিত হৈ অসমত ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি নিৰ্মাণ কৰিবলগীয়া ৰেল ৰাষ্ট্ৰীয় ঘাইপথৰ তথা পানীৰ তলৰ সুৰংগৰ নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে (Rail cum Highway Underwater Tunnel) ।

নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে মানুহক মদ খুৱাইছিল নে টকা বিলাইছিল ? : পিযুষ হাজৰিকা

অখিল গগৈৰ নিচিনা অকৃতজ্ঞ মানুহ অসমৰ ৰাজনীতিত দ্বিতীয়জন নাই, সংবাদ মাধ্যমৰ আগতএই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই (Pijush Hazarika slams Akhil Gogoi) । শোণিতপুৰ জিলাৰ খনামুখৰ জীয়াভৰলী নৈৰ খনন কাৰ্য পৰ্যবেক্ষন কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰে।

বাজেট অধিবেশনতে বিধায়কৰূপে শপত ল'ব ভূৱন গামে

বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টাক ধূলিসাৎ কৰি মাজুলীত বিজয়ৰ নিচান উৰুৱা ভূৱন গামে বাজেট অধিবেশনতে বিধায়কৰূপে শপত গ্ৰহণ কৰিব(Bhuvan Gam to be sworn in as Majuli MLA) । সংবাদমাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

দীপৰ বিলৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে অসম চৰকাৰৰ পদক্ষেপ

দীপৰ বিল (Deepor Beel wildlife Sanctuary)ৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ সহযোগত এখন উন্নত মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হ'ব । শনিবাৰে গুৱাহাটীৰ দীপৰ বিলৰ ওচৰত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে ।

ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতি

ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমে (Allegation of corruption at irrigation scheme work) ৷

'কাশ্মীৰ ফাইলছ' চাব পোৱা নাই দৰ্শকে: অসমত চিনেমাকলৈ ছিণ্ডিকেট চলিছে নেকি ?

'কাশ্মীৰ ফাইলছ' ছবিখন অসমৰ বহু ছবিগৃহত ৰিলিজ দিয়া নাই ডিষ্ট্ৰিবিউটৰে । এই সন্দৰ্ভত সদৌ অসম চিনেমা হল মালিক সন্থাৰ মহা অভিযোগ (all assam cinema hall owner association ) ।

গুৱাহাটীত অনুষ্ঠিত হু'নৰ হাটৰ উদ্বোধন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

শনিবাৰৰ পৰা খানাপাৰ পশু চিকিত্‍সা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ৩৮ সংখ্যক ‘হু’নৰ হাট’(Hunar Haat being organized in North East)। কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রী তথা ৰাজ্যসভাৰ উপ দলপতি মুখতাৰ অব্বাছ নাকভিৰ সৈতে দেশৰ বিভিন্ন ৰাজ্যৰ থলুৱা খাদ্যৰ জুতি ল'লে মুখ্যমন্ত্রীয়ে।

মন্ত্ৰী বিমল বৰাৰ 'পংগু সন্তান' মন্তব্যই আঘাত দিছে ৰাজ্যৰ দিব্যাংগ সমাজক

শেহতীয়াকৈ শক্তি মন্ত্ৰী বিমল বৰাই অসম জাতীয় পৰিষদক সমালোচনা কৰি আছুৰ পংগু সন্তান বুলি কৰা মন্তব্যৰ প্ৰসংগত এইবাৰ জাঙুৰ খাই উঠিছে দিব্যাংগ মঞ্চ ( Divyang body reacts on minister Bimal Bora's statement)। মন্ত্ৰী গৰাকীয়ে পংগু সন্তান শব্দটো প্ৰয়োগ কৰি সমাজৰ বিশেষভাৱে সক্ষম লোকসকলক উপলুঙা কৰিছে বুলি দাবী কৰিছে তেওঁলোকে ।

দৌল মহোৎসৱৰ পূৰ্বে বৰপেটা সত্ৰ সংযোগী পথত প্ৰশাসনৰ উচ্ছেদ

ফাকুৱা বা দৌল মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে । প্ৰতিবছৰৰ দৰে বৰপেটা সত্ৰত এইবাৰো আয়োজন কৰা হ'ব দৌল মহোৎসৱৰ বিশেষ কাৰ্যসূচী (Preparations for Daul Festival in Barpeta)। যাক লৈ তৎপৰ হৈছে বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা সত্ৰ সংযোগী পথত চলিছে প্ৰশাসনৰ উচ্ছেদ (Eviction on Barpeta Satra Link Road)৷

মহানগৰীৰ বিৰুবাৰীত পিতৃ-কন্যাক দাৰে আক্ৰমণ ভূ-মাফিয়াৰ

মহানগৰীৰ বিৰুবাৰীত বিৰুবাৰী ৰামকৃষ্ণ মিছনৰ সমীপত সংঘটিত ভূমিকেন্দ্ৰীক সংঘাত(Land clash at Birubari in Guwahati) ৷ পিতৃ-কন্যাক দাৰে আক্ৰমণ এজন ভূ-মাফিয়াৰ ৷ শনিবাৰে বিয়লি ৪ বজাত সংঘটিত হয় এই ঘটনা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.