দৌল মহোৎসৱৰ পূৰ্বে বৰপেটা সত্ৰ সংযোগী পথত প্ৰশাসনৰ উচ্ছেদ

By

Published : Mar 12, 2022, 7:19 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

ফাকুৱা বা দৌল মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে । প্ৰতিবছৰৰ দৰে বৰপেটা সত্ৰত এইবাৰো আয়োজন কৰা হ'ব দৌল মহোৎসৱৰ বিশেষ কাৰ্যসূচী (Preparations for Daul Festival in Barpeta)। যাক লৈ তৎপৰ হৈছে বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা সত্ৰ সংযোগী পথত চলিছে প্ৰশাসনৰ উচ্ছেদ (Eviction on Barpeta Satra Link Road)৷ বৰপেটা সত্ৰলৈ যোৱা পথৰ কাষৰ ভূমিত একাংশ লোকে বেদখল কৰি ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল (Encroachment on land along Barpeta Satra Link Road) ৷ বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে সত্ৰলৈ অহা যোৱা কৰা মূল পথতো বেদখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনক আবেদন জনাইছিল ৷ প্ৰায় দুবছৰ পূৰ্বে ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে অসম দৰ্শন আঁচনিৰ অধীনত পথৰ উন্নয়নৰ কাম আৰম্ভ কৰিছিল চৰকাৰে ৷ পিছে দুবছৰে পথটো বেদখলমুক্ত কৰি পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাক লৈ লোকনিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পাছতে শনিবাৰে পথটো বেদখলমুক্ত কৰে । উল্লেখ্য যে, দৌল মহোৎসৱৰ লগতে আন সময়তো বৰপেটা সত্ৰলৈ যোৱা পথটোত ব্যাপক যান-জঁটৰ সৃষ্টি হয় ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.