মন্ত্ৰী বিমল বৰাৰ 'পংগু সন্তান' মন্তব্যই আঘাট দিছে ৰাজ্যৰ দিব্যাংগ সমাজক

By

Published : Mar 12, 2022, 8:10 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

শেহতীয়াকৈ শক্তি মন্ত্ৰী বিমল বৰাই অসম জাতীয় পৰিষদক সমালোচনা কৰি আছুৰ পংগু সন্তান বুলি কৰা মন্তব্যৰ প্ৰসংগত এইবাৰ জাঙুৰ খাই উঠিছে দিব্যাংগ মঞ্চ ( Divyang body reacts on minister Bimal Bora's statement)। মন্ত্ৰী গৰাকীয়ে পংগু সন্তান শব্দটো প্ৰয়োগ কৰি সমাজৰ বিশেষভাৱে সক্ষম লোকসকলক উপলুঙা কৰিছে বুলি দাবী কৰিছে তেওঁলোকে । ৰাজনৈতিকভাৱে এটা দলে আনটো দলক কি সমালোচনা কৰে তাত আমাৰ কব লগা কোনো কথা নাই । কিন্তু এটা দলক পংগু সন্তান হিচাপে অভিহিত কৰি ৰাজ্য প্ৰায় ৪.৮০ লাখ বিশেষভাৱে সক্ষম লোকক মন্ত্ৰী গৰাকীয়ে উপলুঙা কৰিছে বুলি দাবী কৰিছে দিব্যাংগ মঞ্চ অসমৰ মুখ্য উপদেষ্টা দুলু আহমেদে ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.