ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ তলৰে নিৰ্মাণ হবলগীয়া সুৰংগৰ কামৰ বুজ ল’লে বৰ্ডাৰ ৰোডছৰ সঞ্চালকে

By

Published : Mar 12, 2022, 9:27 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

ভাৰতীয় সেনাৰ বৰ্ডাৰ ৰোডছ অৰ্গনাইজেছনৰ মুখ্য সঞ্চালক লেফ্টনেন্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি তেজপুৰৰ প্ৰজেক্ট ভৰ্টক কাৰ্যালয়ত উপস্থিত হয় । বৰ্ডাৰ ৰোডছৰ সঞ্চালক গৰাকীয়ে আজি তেজপুৰত উপস্থিত হৈ অসমত ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি নিৰ্মাণ কৰিবলগীয়া ৰেল ৰাষ্ট্ৰীয় ঘাইপথৰ তথা পানীৰ তলৰ সুৰংগৰ নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে ( Rail cum Highway Underwater Tunnel ) । উল্লেখ্য যে, এই সুৰংগৰ জৰিয়তে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাছিগাওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সংযোগ হবলগীয়া আৰু নগাঁও জিলাৰ কলিয়াবৰ শিলঘাটৰ কলিয়াবৰ চাহবাগিছাৰ সৈতে সংযুক্ত হ’ব । ইপিনে, বৰ্ডাৰ ৰোডছৰ সঞ্চালক গৰাকীয়ে আজি শোণিতপুৰ জিলাত নিৰ্মান হবলগীয়া সুৰংগৰ লগতে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত নিৰ্মাণ হৈ থকা চেলা পাছ আৰু নেচিপু সুৰংগৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰে । ইতিমধ্যে চেলা আৰু নেচিপু সুৰংগৰ কাম প্ৰায় সমাপ্ত হোৱাৰ দিশে আৰু ই অহা এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু আগুণটোক ছেপ্টেম্বৰ অথবা অক্টোবৰ মাহত উক্ত সুৰংগ ৰাইজৰ বাবে মুকলি কৰিব । এই সমূহ কামৰ উন্নত মানদণ্ডৰ অগ্ৰগতিৰ বাবে 'Non Destructive Testing Van'ৰ জৰিয়তে কামৰ গুণাগুণৰ পৰীক্ষা কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.