ETV Bharat / city

দীপৰ বিলৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে অসম চৰকাৰৰ পদক্ষেপ

author img

By

Published : Mar 12, 2022, 8:54 PM IST

দীপৰ বিল (Deepor Beel wildlife Sanctuary)ৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ সহযোগত এখন উন্নত মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হ'ব । শনিবাৰে গুৱাহাটীৰ দীপৰ বিলৰ ওচৰত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে ।

assam-govt-protection-and-preservation-of-riverine-wetland-and-emphasized-on-preparing-a-comprehensive-mgmt-plan
দীপৰ বিলৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে অসম চৰকাৰৰ পদক্ষেপ

গুৱাহাটী, 12 মাৰ্চ : দীপৰ বিল (Deepor Beel wildlife Sanctuary) ৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ সহযোগত এখন উন্নত মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হ'ব । শনিবাৰে গুৱাহাটীৰ দীপৰ বিলৰ ওচৰত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে ।

দীপৰ বিলৰ সংৰক্ষণ আৰু দীপৰ বিলৰ Elephant corridor নিৰ্মাণ কৰাৰ সন্দৰ্ভত অনুষ্ঠিত এই সভাত উপস্থিত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক মুখ্যমন্ত্ৰীগৰাকীয়ে দীপৰ বিলৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে এখন উন্নত মাষ্টাৰ প্লেন প্ৰস্তুত কৰাত সহায় কৰাৰ বাবে অনুৰোধ কৰে ।

দীপৰ বিলৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে অসম চৰকাৰৰ পদক্ষেপ

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে সহায় কৰিলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সন্মিলিতভাবে দীপৰ বিলৰ উন্নতি সাধন কৰিব পাৰিব বুলি উল্লেখ কৰে । ইয়াৰ লগতে, দীপৰ বিলৰ ওচৰৰে যোৱা ৰে’ল আলিৰ বাবে বনৰীয়া হাতীৰ মৃত্যু হৈছে বুলি উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই ক্ষেত্ৰত দীপৰ বিলৰ ওচৰৰে যোৱা ৰে’ল আলিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰে’ল মন্ত্ৰালয়ৰ লগত আলোচনা কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে দীপৰ বিলৰ উন্নয়নৰ বাবে কাম কৰি আছে । দীপৰ বিলৰ ওচৰতে থকা জাৱৰ পেলোৱা স্থান অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে ।

সভাত ভাষণ দি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ( Union Minister Bhupender Yadav) দীপৰ বিলৰ গুৰুত্বৰ সম্পৰ্কে আলোকপাত কৰি কয় যে দীপৰ বিল গুৱাহাটীৰ কিডনী । সেয়ে দীপৰ বিলক প্ৰদূষণমুক্ত , জাৱৰমুক্তকৈ গঢ়ি তোলাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণ কৰাৰ বাবে গুৱাহাটী আই আই টিক দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় । লগতে দীপৰ বিলত স্থানীয় লোকক মাছ মৰাৰ বাবে বাধা নিদিবৰ বাবেও আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

ইয়াৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তিনিমাহৰ অন্তৰে অন্তৰে নিৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও এই সভাত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । এই সভাত বন বিভাগৰ কেবাগৰাকী বনকৰ্মীক সম্বৰ্ধনা জনোৱা হয় । সভাত বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুল্ক বৈদ্য আৰু সাংসদ কুইন ওজা উপস্থিত আছিল ।

লগতে পঢ়ক : আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা অসমত সৰ্বাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.