মহানগৰীৰ বিৰুবাৰীত পিতৃ-কন্যাক দাৰে আক্ৰমণ ভূ-মাফিয়াৰ

By

Published : Mar 12, 2022, 9:30 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

মহানগৰীৰ বিৰুবাৰীত বিৰুবাৰী ৰামকৃষ্ণ মিছনৰ সমীপত সংঘটিত ভূমিকেন্দ্ৰীক সংঘাত(Land clash at Birubari in Guwahati) ৷ পিতৃ-কন্যাক দাৰে আক্ৰমণ এজন ভূ-মাফিয়াৰ ৷ শনিবাৰে বিয়লি ৪ বজাত সংঘটিত হয় এই ঘটনা ৷ ধৃত ভূ-মাফিয়াৰটোৰ নাম দিলীপ সিং ওৰফে গুদু বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আহত পিতৃ-কন্যা সত্যব্ৰত ভঁৰালী(৫২) আৰু মৌচুমী ভঁৰালী(১৮)গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে ঘটনা সংঘটিত কৰা বিহাৰৰ নিবাসী ধৃত ভূ-মাফিয়াৰটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ মাটি-বাৰীৰ সীমা বিবাদক লৈ দীৰ্ঘদিন ধৰি উক্ত পৰিয়ালটো আৰু ভূ-মাফিয়া দিলীপ সিঙৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.