গুৱাহাটীত অনুষ্ঠিত হু'নৰ হাটৰ উদ্বোধন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Mar 12, 2022, 10:56 PM IST

hunar-hut-inaugurate-by-cm-with-union-minister
গুৱাহাটীত অনুষ্ঠিত হু'নৰ হাটৰ উদ্বোধন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ()

শনিবাৰৰ পৰা খানাপাৰ পশু চিকিত্‍সা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ৩৮ সংখ্যক ‘হু’নৰ হাট’(Hunar Haat being organized in North East)। কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রী তথা ৰাজ্যসভাৰ উপ দলপতি মুখতাৰ অব্বাছ নাকভিৰ সৈতে দেশৰ বিভিন্ন ৰাজ্যৰ থলুৱা খাদ্যৰ জুতি ল'লে মুখ্যমন্ত্রীয়ে।

গুৱাহাটী,১১ মার্চ : কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রালয়ৰ দ্বাৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে 'হু'নৰ হাট'। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা 'হু'নৰ হাট' আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (Hunar haat inaugurate by cm with union minister)। উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রী তথা ৰাজ্যসভাৰ উপ দলপতি মুখতাৰ অব্বাছ নাকভিৰ উপৰি ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্রী অশোক সিংহল, মন্ত্রী ৰণজিৎ কুমাৰ দাস, সাংসদ কুইন ওজা, সাংসদ ভুৱনেশ্বৰ কলিতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত আছিল ।

গুৱাহাটীত অনুষ্ঠিত হু'নৰ হাটৰ উদ্বোধন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

উদ্বোধনী অনুষ্ঠানৰ পাছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী মুখতাৰ আব্বাছ নাকভিয়ে । সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে, ইয়াৰ পূৰ্বে তেওঁ হু'নৰ হাট দেখা নাছিল । অসমত প্ৰথমবাৰৰ বাবে হু'নৰ হাট অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে "ইয়াত দেশৰ বিভিন্ন ৰাজ্যৰ শিল্প আৰু খাদ্য সম্ভাৰৰ সমাৱেশ ঘটিছে ।" লগতে মুখ্যমন্ত্রীয়ে গুৱাহাটীবাসী ৰাইজক এই হাটলৈ আহি ইয়াৰ পৰিৱেশ উপভোগ কৰাৰ বাবে আহ্বান জনায় ।

আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে, "মুছলমান সমাজক আধুনিক শিক্ষাৰ প্ৰয়োজন আছে ।" তেওঁ লগতে কয় যে, কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রালয়ৰ যোগেদি অসমে ২১ খন আৱাসিক বিদ্যালয় লাভ কৰিছে আৰু আগন্তুক বৰ্ষত বিদ্যালয়সমূহ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । চৰকাৰে সংখ্যালঘু অধ্যুষিত এলেকাকে ধৰি সমাজৰ পিছপৰা শ্ৰেণীটোৰ বাবে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিয়াৰ কথা মুখ্যমন্ত্রীয়ে সদৰি কৰে । তেওঁ লগতে কয় যে, শিক্ষা আৰু স্বাস্থ্য ৰাজনীতিৰ ঊৰ্দ্ধত।

আনহাতে, কেন্দ্ৰীয় মন্ত্রী মুখতাৰ আব্বাছ নাকভিয়ে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ প্ৰতিশ্ৰুতি হৈছে তুষ্টিকৰণৰ বিপৰীতে সন্মানৰ সৈতে সমবিকাশ কৰা । সেই নীতিৰেই অসম চৰকাৰেও কাম কৰি আহিছে । হু'নৰ হাট উদ্বোধন কৰাৰ পাছতে মুখ্যমন্ত্রী আৰু কেন্দ্ৰীয় মন্ত্রীৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে বিপনীসমূহ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন ৰাজ্যৰ থলুৱা খাদ্যৰ জুতি লয় ।

উল্লেখ্য যে, ৩৮ সংখ্যক এই হু'নৰ হাট ২০ মার্চলৈ অনুষ্ঠিত হ'ব (Hunar Haat being organized in north east) । এই হু'নৰ হাটত ২৮ খনৰো অধিক ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৭০০ ৰো অধিক শিল্পী আৰু কাৰিকৰে অংশগ্রহণ কৰিছে (Hunar haat being organized for the first time)। 'হু'নৰ হাট' ত ৩০০ খন বিপণী স্থাপন কৰা হৈছে য'ত অসমসহ দেশৰ বিভিন্ন প্রান্তৰ স্বদেশী দুর্লভ হস্তনির্মিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। লগতে এই হু'নৰ হাটত পৰম্পৰাগত খাদ্যসম্ভাৰাে উপলব্ধ ।

তদুপৰি বৃহৎ সংখ্যক মহিলা শিল্পকাৰে ইয়াত অংশ গ্ৰহণ কৰিছে। আনহাতে হু'নৰ হাটত প্ৰায় নোহোৱা হৈ পৰা ঐতিহাসিক চার্কাচ প্ৰদৰ্শৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰতি সন্ধিয়া দেশৰ প্রসিদ্ধ শিল্পীসকলৰ সাংস্কৃতিক কাৰ্যসূচী হৈছে হু'নৰ হাটৰ আন এক আকৰ্ষণ ।

লগতে পঢ়ক : Rajya Sabha Election 2022 : ৰাজ্যসভা নিৰ্বাচনৰ আসনকলৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.