ETV Bharat / state

Rajya Sabha Election 2022 : ৰাজ্যসভা নিৰ্বাচনৰ আসনকলৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 12, 2022, 7:15 PM IST

debabrat-saikia-reacts-on-rajya-sabha-election
ৰাজ্যসভা নিৰ্বাচনৰ আসনকলৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

শনিবাৰে দিল্লীলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমলৰ নেতৃত্বত এআইইউডিএফ-ৰ তিনিজনীয়া এটা প্ৰতিনিধি দল । ইফালে দেওবাৰে সন্ধিয়া দিছপুৰত অনুষ্ঠিত হ'ব কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক । এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কেতবোৰ মন্তব্য প্ৰকাশ(Debabrat Saikia reacts on Rajya sabha election) ৷

গুৱাহাটী, ১২ মাৰ্চ : ৰাজ্যসভাত খালী হ’বলগীয়া দুখন আসনৰ এখন এআইইউডিএফ-ৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছে এৰি দিব লাগে বুলি আৰ্জি লৈ শনিবাৰে দিল্লীলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমলৰ নেতৃত্বত এআইইউডিএফৰ তিনিজনীয়া এটা প্ৰতিনিধি দল ৷ আজমলৰ উপৰিও দিল্লীলৈ যাত্ৰা কৰা এই দলটোৰ আন দুগৰাকী প্ৰতিনিধি হ'ল এআইইউডিএফ-ৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা । ইয়াৰ বিপৰীতে কাইলৈ অৰ্থাৎ দেওবাৰে সন্ধিয়া দিছপুৰত অনুষ্ঠিত হ'ব কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক ।

দেওবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত দলৰ আটাইকেইগৰাকী বিধায়কক উপস্থিত ‌থাকিবলৈ শনিবাৰে কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰীয়ে এক নিৰ্দেশনা জাৰি‌ কৰিছে ।

যিহেতু ১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হ'ব গতিকে দেওবাৰে এই বৈঠকত বাজেট অধিবেশনৰ বাবে বিৰোধী দলটোৰ কৌশল ৰচনাৰ উপৰিও ৰাজ্যসভা নিৰ্বাচনৰ বিষয়টোও আলোচনা কৰা হ'ব । ইপিনে ৰাজ্যসভা নিৰ্বাচনক লৈ বিৰোধীয়ে যিমানেই কুচকাৱাজ নচলাওক কিয়, দুয়োখন আসনেই বিজেপিয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব ‌শৰ্মাই বাৰম্বাৰ ‌দাবী‌ কৰি আহিছে ।

আনহাতে, ৰাজ্যসভা নিৰ্বাচনত দুয়োখন আসন বিজেপিয়ে ‌লাভ কৰিলেও হয়তো কংগ্ৰেছ দল বৰ বেছিকৈ আচৰিত নহ'ব । কিয়নো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কেতবোৰ মন্তব্যত তেনে এক ইংগিতেই ফুটি উঠিছে(Debabrat Saikia reacts on Rajya Sabha Election) । বিৰোধী দলপতি গৰাকীয়ে আজি কয় - " বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা সময়ত বিজেপিৰ পৰা ভোট ভাঙি আনি ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰাইছিল । এইবাৰো কংগ্ৰেছৰ ভোট ভাঙি নি তেওঁ বিজেপি প্ৰাৰ্থীক জয়ী কৰালেও আচৰিত‌ হ'বলগীয়া একো নাথাকিব ।"

আনহাতে, ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ প্ৰাৰ্থীগৰাকীক কংগ্ৰেছৰ দুই নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসে ভোটদান কৰিব নে নাই সেয়াও এক ডাঙৰ ৰহস্য । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি গৰাকীয়ে কয় যে, দলৰ সকলো বিধায়ককে বিৰোধী প্ৰাৰ্থী গৰাকীক ভোটদান কৰিবলৈ হুইপ জাৰি কৰা হব । সেই হুইপ অমান্য কৰা বিধায়কৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয় ।

ইপিনে, ৰাজ্যসভাৰ‌ দুয়োখন আসনেই বিজেপিয়ে লাভ কৰিব বুলি এতিয়াও নিশ্চিত হৈয়ে আছে বিজেপি । তেনেক্ষেত্ৰত বিৰোধীৰ এনেধৰণৰ কুচকাৱাজ কিমান ফলৱৰ্তী হ'ব সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত ।

লগতে পঢ়ক : ৰাজ্যসভাৰ আসনখন আমাক দিয়ক : ছোনিয়াক আৰ্জি জনাবলৈ দিল্লীলৈ টীম আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.