ETV Bharat / city

ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতি

author img

By

Published : Mar 12, 2022, 9:37 PM IST

ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমে (Allegation of corruption at irrigation scheme work) ৷

allegation-of-corruption-at-irrigation-scheme-work
ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতি

গুৱাহাটী, 12 মাৰ্চ : জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল (Irrigation Minister Ashok Singhal) আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ছত্ৰছায়াত ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমে (Allegation of corruption at irrigation scheme work) ৷

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীনেশ দাসে সংবাদমেল সম্বোধন কৰি কয় যে, পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী বাকাৰা পাৰা আৰু নতুন ৰাণীত 1950 হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে বিগত 2020-21 বৰ্ষত 9.40 কোটি টকা আবন্টন কৰা হৈছিল । বিশেষকৈ কঁপিলিৰ 13000 মিটাৰ নলাৰ বাবে 8 কোটি আৰু কালমণিৰ 1100 মিটাৰ নলাৰ বাবদ 1.40 কোটি ধন আবন্টন কৰা হৈছিল ।

ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতি

আনকি বিগত বৰ্ষত আহ্বানৰ জৰিয়তে ১৪ জন ঠিকাদাৰক 'বৰ্ক অৰ্ডাৰ' দিয়া হৈছিল আৰু ঠিকা লাভ কৰা ঠিকাদাৰসকলে বিগত বৰ্ষৰ শেষৰফালে নলাৰ কাম আৰম্ভ কৰিছিল । পিছে এই কামফেৰাতো যথেষ্ট দুৰ্নীত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে ৰঙিয়াস্থিত কামৰূপ জিলা চক্ৰ অধীক্ষক অভিযন্তা আৰু পশ্চিম গুৱাহাটী পলাশবাৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কংকন গোস্বামী আৰু বিভাগটোৰ মুখ্য অভিযন্তা ব্ৰজেন মালাকাৰৰ সৈতে কোনো মন্ত্ৰী-বিধায়কৰ মিত্ৰতাৰ ফলতে ইয়াৰ পিছতো বিভাগীয় জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘল আৰু বিধায়ক ৰমেন্দ্ৰ কলিতা মৌন হৈ আছে বুলি সংগ্ৰামী কৃষক শ্ৰমিক সংঘই অভিযোগ উত্থাপন কৰিছে ।

যাৰ ফলত কৃষকসকলে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে কৃষক শ্ৰমিক সংঘই ক্ষীপ্ৰ তদন্ত আৰু শীঘ্ৰেই বিহিত ব্যৱস্থা লোৱাৰ বাবে কামৰূপ জিলা উপায়ুক্ত, মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছে বুলিও সংগ্ৰামী কৃষক শ্ৰমিক সংঘই এই সংবাদমেলখনত জানিব দিয়ে ৷ আনকি বিভাগটোৱে দাঙি ধৰা সালসলনিৰ ভুৱা নক্সা নাকচ কৰি কাৰ্যবাহী অভিযন্তাক ইঁটা আৰু আৰ চি চি সংযুক্ত পকীকৰণেৰে নলা নিৰ্মাণ কৰাৰ দাবী জনায় । অন্যথা সংগঠনটোৱে আদালতৰ কাষলৈ যোৱাৰ সিদ্ধান্ত ল’ব বুলি হুংকাৰ দিয়ে ।
লগতে পঢ়ক : চুইমিং পুল, হেলিপেড, মিনি-গল্ফ কোৰ্চ থকা পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ীখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.