চুইমিং পুল, হেলিপেড, মিনি-গল্ফ কোৰ্চ থকা পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ীখন

By

Published : Mar 12, 2022, 5:56 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ীখন (Longest car in the world) পুনৰ মেৰামতি কৰি ন-কইনাৰ দৰে সাজু কৰি তোলা হৈছে ৷ গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ (Guinness World Records) ৰ মতে, ‘‘ এই চুপাৰ লিমুজিনখন প্ৰায় 30.58 মিটাৰ দৈৰ্ঘৰ অৰ্থাৎ 100 ফুট 1.50 ইঞ্চিৰ (100 feet long car) ৷ 1986 চনত কেলিফৰ্ণিয়াৰ বাৰ্বেংকত বিখ্যাত কাৰ কাষ্টমাইজাৰ জে ওহাৰবাৰ্গৰ দ্বাৰা প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা এই, "দ্য আমেৰিকান ড্ৰীম" (The American Dream ) হিচাপে খ্যাত এই গাড়ীখন 18.28 মিটাৰ (60 ফুট) দৈৰ্ঘৰ আছিল ৷ ইয়াৰোপৰি গাড়ীখনৰ 26 টা চকা আছিল ৷ গাড়ীখনৰ সন্মুখত আৰু পিছফালে ভি8 ইঞ্জিন লগোৱা হৈছিল ৷ পিছলৈ ওহাৰবাৰ্গে গাড়ীখনৰ দৈৰ্ঘ 30.5 মিটাৰ অৰ্থাৎ 100 ফুটলৈ সম্প্ৰসাৰিত কৰিছিল ৷ এখন বিলাসী বাহন হিচাপে এই গাড়ীখনত আছে ডাঙৰ ৱাটাৰবেড, এটা চুইমিং পুল, ডাইভিং বোৰ্ড, জাকুজি, বাথটাব, মিনি-গল্ফ কোৰ্চ, হেলিপেড লগতে প্ৰায় 75 জন লোক একেলগে বহাৰ সুবিধা ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.