ETV Bharat / city

'কাশ্মীৰ ফাইলছ' চাব পোৱা নাই দৰ্শকে: অসমত চিনেমাকলৈ ছিণ্ডিকেট চলিছে নেকি ?

author img

By

Published : Mar 12, 2022, 10:03 PM IST

'কাশ্মীৰ ফাইলছ' ছবিখন অসমৰ বহু ছবিগৃহত ৰিলিজ দিয়া নাই ডিষ্ট্ৰিবিউটৰে । এই সন্দৰ্ভত সদৌ অসম চিনেমা হল মালিক সন্থাৰ মহা অভিযোগ (all assam cinema hall owner association ) ।

assam-cinema-hall-owners-fight-against-dristibutor
'কাশ্মীৰ ফাইলছ' চাব পোৱা নাই দৰ্শকে: অসমত চিনেমাকলৈ ছিণ্ডিকেট চলিছে নেকি ?

গুৱাহাটী, ১২ মাৰ্চ : '' অসমত চিনেমাকলৈ ছিণ্ডিকেট চলাই আছে ফিল্ম ডিষ্ট্ৰিবিউটৰ সিদ্ধাৰ্থ গোৱেংকাই ।'' এই অভিযোগ সদৌ অসম চিনেমা হল মালিক সন্থাৰ (all assam cinema hall owner association) ৷ শনিবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে সন্থাৰ সভাপতি চিন্ময় শৰ্মা আৰু সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাই । সংবাদমেলত বৰাই কয় যে শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰা 'কাশ্মীৰ ফাইলছ' নামৰ ছবিখন অসমৰ বহু ছবিগৃহত ৰিলিজ হোৱা নাই ।

'কাশ্মীৰ ফাইলছ' চাব পোৱা নাই দৰ্শকে: অসমত চিনেমাকলৈ ছিণ্ডিকেট চলিছে নেকি ?

যাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লিমিটেড বুলি কৈ কম সংখ্যক চিত্রগৃহত ছবিখন ৰিলিজ কৰাৰ বাবে বাস্তৱধৰ্মী এই ছবিখন চোৱাৰ পৰা বঞ্চিত হৈছে অসমৰ চিত্রপ্ৰেমী ৰাইজ । ইয়াৰ আঁৰত ফিল্ম ডিষ্ট্ৰিবিউটাৰ সিদ্ধাৰ্থ গোৱেংকাৰ নেতৃত্বত এটা লবী জড়িত হৈ আছে বুলি তেওঁ অভিযোগ কৰে (cinema hall owners fight against dristibutor Siddharth Goenka) । সিদ্ধাৰ্থ গোৱেংকাই ষড়যন্ত্র কৰি ছবিখন চিনেমেক্স, পিভিআৰত দিলে নহ'ব বুলি সদৰি কৰি তেওঁ কয় যে অসমৰ সকলো ছবিগৃহত ছবিখন দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

তেওঁলোকে পুনৰ দাবী কৰিছে যে, লিমিটেড বুলি কৈ ফিল্ম ডিষ্ট্ৰিবিউটাৰ সিদ্ধাৰ্থ গোৱেংকাই চিত্রগৃহৰ মালিকসকলক বঞ্চিত কৰিছে । এটা লবীয়ে অসমৰ চিত্রগৃহসমূহৰ ওপৰত চলাই থকা অত্যাচাৰ ক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁলোকে সংবাদমেল যোগে মুখ্যমন্ত্রীৰ প্ৰতিও অনুৰোধ জনায় । লগতে আন কেইবাখনো ৰাজ্যৰ দৰে অসমতো “কাশ্মীৰ ফাইলছ” ছবিখনৰ ক্ষেত্রত কৰ ৰেহাই দিয়াৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি : জনতাৰ ওপৰেদি গাড়ী চলালে বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.