ETV Bharat / bharat

লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি : জনতাৰ ওপৰেদি গাড়ী চলালে বিধায়কে

author img

By

Published : Mar 12, 2022, 3:57 PM IST

Updated : Mar 12, 2022, 5:35 PM IST

odisha-mla-rams-vehicle-into-crowd
লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি : জনতাৰ ওপৰেদি গাড়ী চলালে বিধায়কে

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই কেইমাহমান আগতে উত্তৰ প্ৰদেশৰ লখিমপুৰত কৃষকসকলৰ ওপৰত এখন গাড়ী চলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷ এইবাৰ লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি ঘটিল ওড়িশাত (repeat of Lakhimpur Kheri incident in Odisha) । ভিৰৰ মাজত বাহন চলাই নিলে বিধায়ক প্ৰশান্ত জগদেৱে ৷

নেচনেল ডেস্ক, 12 মাৰ্চ : লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি ঘটিল ওড়িশাত (repeat of Lakhimpur Kheri incident in Odisha) । কেইমাহমান আগতে উত্তৰ প্ৰদেশৰ লখিমপুৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই কৃষকসকলৰ ওপৰত এখন গাড়ী চলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷ অনুৰূপ ধৰণে এইবাৰ ওড়িশাৰ বিধায়ক প্ৰশান্ত জগদেৱে ভিৰৰ মাজত তেওঁৰ বাহন চলাই নিয়াৰ ফলত বহু লোক আহত হৈছে (Odisha MLA rammed his vehicle into crowd) ।

লখিমপুৰ খেৰী ঘটনাৰ পুনৰাবৃত্তি : জনতাৰ ওপৰেদি গাড়ী চলালে বিধায়কে

এই ঘটনাটোত ক্ৰোধিত হৈ বিজেডিৰ পৰা নিলম্বিত বিধায়কগৰাকীক পঞ্চায়ত সমিতিৰ অধ্যক্ষ নিৰ্বাচনৰ সময়ত খুৰ্দা জিলাৰ বনপুৰ খণ্ড কাৰ্যালয়ৰ সন্মুখত এদল লোকে নিৰ্মমভাৱে আক্ৰমণ কৰে (MLA Prashant Jagdev thrashed by irate locals) । জনতাৰ এই আক্ৰমণত তেওঁৰ বাহনখনো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় ।

উল্লেখযোগ্য যে, তেওঁৰ বাহনৰ খুন্দাত আৰু পৰৱৰ্তী সময়ত ইয়াকলৈ হোৱা সংঘৰ্ষত দুজন সাংবাদিক আৰু ৭ জন আৰক্ষীসহ ২০ জনৰো অধিক লোক আহত হৈছে । ৰাইজে অভিযোগ কৰিছে যে, ঘটনাৰ সময়ত বিধায়কগৰাকী নিচাসক্ত অৱস্থাত আছিল ।প্ৰতিবেদন অনুসৰি, জগদেৱ অধ্যক্ষ নিৰ্বাচনৰ বাবে বনপুৰ ব্লকলৈ গৈ আছিল ।

ব্লক কাৰ্যালয়ৰ সন্মুখত যথেষ্ট ভিৰ হৈছিল কিন্তু জগদেৱে তেওঁৰ বাহনখন ভিৰৰ মাজত লৈ গৈছিল আৰু ইয়াৰ পিছতে তেওঁৰ বাহনখনে কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষীকে ধৰি কেইবাজনো লোকক খুন্দিয়াই । ইয়াৰ পিছত ক্ষুব্ধ জনতাই তেওঁক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাহনখনকো আক্ৰমণৰ লক্ষ্য হিচাপে লয় ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত বিধায়ক জগদেৱক অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে ততাতৈয়াকৈ ভুৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ লৈ যায় । এইখিনিতে উল্লেখ কৰিব লাগিব যে, জগদেৱৰ বিৰুদ্ধে প্ৰায়ে গুণ্ডামিত লিপ্ত হোৱাৰ বাতৰিত প্ৰকাশ হৈ আহিছে । জগদেৱক যোৱা বছৰ ছেপ্টেম্বৰ মাহত চিলিকা হ্ৰদৰ ওচৰত এজন বিজেপি নেতাক আক্ৰমণ কৰাৰ বাবে বিজেডিৰ পৰা নিলম্বিত কৰা হৈছিল, ঘটনাটোৰ সন্দৰ্ভত তেওঁক এমাহ পিছত গ্ৰেপ্তাৰো কৰা হৈছিল ।

লগতে পঢ়ক : ৰাজ্যসভাৰ আসনখন আমাক দিয়ক : ছোনিয়াক আৰ্জি জনাবলৈ দিল্লীলৈ টীম আজমল

Last Updated :Mar 12, 2022, 5:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.