ETV Bharat / state

পেটত গামোচা বান্ধিছে ৭৭৪ গৰাকী বিষয়া-কৰ্মচাৰীয়ে, ১৪ মাহে নাই দৰমহা - Assam govt salary

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 5:02 PM IST

Agricultural Marketing Board Assam : এমাহ দুমাহ নহয়, 14 মাহে দৰমহা লাভ কৰা নাই আঁচনিৰে অভিলেখ সৃষ্টি কৰা অসমত ৷ কৃষি বিপণনৰ কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷

Agricultural Marketing Board Assam
অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ (ETV Bharat Assam)

গুৱাহাটী, ১৮ মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শাসনকালত পেটত গামোচা বান্ধিবলগীয়া অৱস্থা হৈছে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণনৰ কৰ্মচাৰীসকলে । চৰকাৰী দায়িত্বজ্ঞানহীনতাৰ বাবে চলিত মে’ মাহকে ধৰি যোৱা ১৪ মাহে দৰমহা পোৱা নাই অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ ৭৭৪ গৰাকী বিষয়া-কৰ্মচাৰীয়ে । ফলত পেটত গামোচা বান্ধি কাম কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এইসকল কর্মীৰ ।

এইসকল কৰ্মচাৰীয়ে ২০২৩ চনৰ এপ্ৰিল মাহৰপৰাই লাভ কৰা নাই দৰমহা ৷ সন্তানৰ পঢ়া খৰচ, দৈনন্দিন খাদ্য সামগ্ৰীৰ খৰচ, চিকিৎসা-পাতিৰ খৰচ আদি দৰমহা নোপোৱা বাবে যোগাৰ কৰিব নোৱৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল চৰকাৰী কৰ্মচাৰীৰ ।

লগতে পঢ়ক: অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ

কি কয় কৰ্মচাৰীসকলে ?

দৰমহা নিদিলেও চৰকাৰীভাৱে নতুন নতুন কামৰ বোজা জাপি দি থকা বুলি অভিযোগ উত্থাপিত হৈছে ৷ নিৰ্বাচনৰ কামৰ পৰা অৰম্ভ কৰি ধান-সৰিয়হ ক্ৰয়লৈ, মিলেট ক্ৰয়কে ধৰি ইউৰিয়া সাৰৰ একমাত্ৰ পাইকাৰী বিতৰকৰ দায়িত্বলৈ সকলো কাম সময় নিৰ্দ্ধাৰিত ধৰণেৰে কৰি যাবলগীয়া হৈছে এইসকল কৰ্মচাৰীয়ে ।

দৰমহা অনাদায়ৰ সমগ্ৰ বিষয়টো কৰ্মচাৰীসকলে কেবাবাৰো স্মাৰকপত্ৰযোগে পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াক অৱগত কৰোৱাইছে যদিও কর্তৃপক্ষই বিষয়টোক লৈ আজিকোপতি কোনো গুৰুত্ব দিয়া নাই বুলি সদৌ অসম নিয়ন্ত্ৰিত বজাৰ কমিটী কৰ্মচাৰী সন্থাৰ সম্পাদক মনোজ ৰয়ে সদৰী কৰিছে । এই সন্দৰ্ভত সন্থাৰ সম্পাদক মনোজ ৰয়ে কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে বিপণন পৰিষদে ইয়াৰ বিষয়া-কৰ্মচাৰীসকলৰ নিয়মীয়া আৰু বকেয়া দৰমহা, গ্ৰেচুইটি, ভৱিষ্যনিধি ইত্যাদি সামৰি দাখিল কৰা ৯০.০৩ কোটি টকাৰ বাজেট প্ৰস্তাৱৰ বিপৰীতে অসম চৰকাৰে ৪০.৫০ কোটি টকাহে বাজেটতত অনুমোদন জনাইছিল ৷

লগতে পঢ়ক: পৰীক্ষাৰ্থীৰ মূৰত কৰৰ বোজা জাপি ৰাজকোষ টনকিয়াল কৰাৰ ফন্দি চৰকাৰৰ

ইয়াৰে ৩০.৫০ কোটি টকা দৰমহা শিতানত আৰু ১০.০০ কোটি টকা স্বেচ্ছামূলক অৱসৰৰ শিতানত ধাৰ্য কৰা হৈছিল ৷ দৰমহা শিতানত ধাৰ্য কৰা ৩০.৫০ কোটি টকা তিনিটা কিস্তিত মুকলি কৰি দিয়ে, যি ধনৰাশিৰে পৰিষদৰ বিষয়া-কৰ্মচাৰীসকলৰ পাবলগীয়া ১৯ মাহৰ দৰমহাৰ বিপৰীতে মাত্ৰ ৬ মাহৰ দৰমহাহে দিব পৰা গ'ল ।

তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ বাবেও বিপণন পৰিষদে বিষয়া-কৰ্মচাৰীসকলৰ নিয়মীয়া আৰু বকেয়া দৰমহা, গ্ৰেচুইটি, ভৱিষ্যনিধি ইত্যাদি সামৰি প্ৰায় ১৩০ কোটি টকাৰ বাজেট প্ৰস্তাৱ দাখিল কৰে । ইয়াৰ বিপৰীতে চৰকাৰে মাত্ৰ ৩০.৫০ কোটি টকাত অনুমোদন জনায়, যি টকাৰে বিষয়া-কৰ্মচাৰীসকলৰ মাত্ৰ ৬ মাহৰ দৰমহাহে মুকলি দিব পৰা হ'ব৷ অৰ্থাৎ‍ বিত্তীয় বর্ষ ২০২৪-২৫ৰ অন্তত বিষয়া-কৰ্মচাৰীসকলৰ সম্পূৰ্ণ ওঠৰ মাহৰ দৰমহা অনাদায় হৈ থাকিব ।

তেওঁ জনায় যে চৰকাৰে দৰমহা শিতানত ধাৰ্য কৰা ৩০.৫০ কোটি টকা তিনিটা কিস্তিত মুকলি কৰি দিব বুলি চৰকাৰে সিদ্ধান্ত লোৱা অনুযায়ী এতিয়া মাত্ৰ ডেৰ মাহৰ দৰমহাহে কৰ্মচাৰীসকলে লাভ কৰিব বুলি চৰকাৰী পক্ষই জনাইছে । কিন্তু এতিয়ালৈকে এটকাও মুকলি কৰি দিয়া নাই ।

লগতে পঢ়ক: ২০২৩-২৪ বিত্তীয় বৰ্ষত ইপিএফত জমা ধনৰ সুত কেতিয়া পাব কৰ্মচাৰীয়ে ?

কি কয় পৰিষদৰ অধ্যক্ষই ?

এই সন্দৰ্ভত পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই কয়, ‘‘চৰকাৰে পৰিষদখন পুনৰ গঠন কৰি কৰ্মচাৰীসকলক কৃষি বিভাগত নিয়োজিত কৰা, স্বেচ্ছামূলক অৱসৰৰ ব্যৱস্থা কৰাৰ আলোচনা কৰি আছে । এই ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব । এই‌ ক্ষেত্ৰত পৰিষদৰ অধ্যক্ষ হিচাপে কোনো মতামত দিয়াৰ অধিকাৰ নাই ।’’

উল্লেখ্য যে অসম কৃষি সামগ্ৰী বিপণন আইন-১৯৭২ৰ আধাৰত ১৯৭৬ চনতে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ গঠন কৰা হৈছিল । বিগত ১৪ মাহত পৰিষদৰ কমেও ৩০ গৰাকী কৰ্মচাৰীয়ে অৱসৰ ল'লে । কিন্তু গ্ৰেচুইটীৰ পৰা ভৱিষ্যনিধিৰ ধনলৈ, অৱসৰকালীন ধনৰ ফুটাকড়ি এটাও লাভ কৰা নাই তেওঁলোকে । চৰকাৰে কৃষি সামগ্ৰী বিপণন পৰিষদখন পুনর্গঠনৰ কথা কৈছিল ।

সেই মতে, ৫৫ বছৰৰ ঊৰ্দ্ধৰ কর্মীসকলক স্বেচ্ছামূলক অৱসৰ দিয়া, ৩৭১ গৰাকীক কৃষি বিভাগত নিযুক্তি দিয়া আদিৰ কথা কোৱা হৈছিল যদিও কোনো কামেই আজিকোপতি নকৰিলে চৰকাৰে । এই সন্দৰ্ভত সন্থাৰ সম্পাদক মনোজ ৰয়ে কয় যে অহা ৪ জুনলৈ সন্থাই বাট চাব ৷ তাৰ পিচত সন্থাই পৰৱৰ্তী সিদ্ধান্ত ল'ব ।

লগতে পঢ়ক: কৃষি বিভাগৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনত আশাহত ৰাজ্যৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.