ETV Bharat / state

ৰাজহ লাগে: পৰীক্ষাৰ্থীৰ মূৰত কৰৰ বোজা জাপি ৰাজকোষ টনকিয়াল কৰাৰ ফন্দি চৰকাৰৰ - APSC 2024

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:36 PM IST

GST on APSC: নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ সময়তে চৰকাৰে চাকৰিৰ বাবে আবেদন কৰা নিবনুৱা প্ৰাৰ্থীৰ পৰা মাচুলৰ উপৰিও সংগ্ৰহ কৰিব 18 শতাংশ কৰ । এই খবৰ প্ৰকাশৰ পাচতে আৰ্থিকভাৱে অনুন্নত পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে হুৱা-দুৱা পৰিস্থিতিৰ ৷

Assam government imposed 18 per cent GST on filling up APSC examination forms
হায় চৰকাৰ! পৰীক্ষাৰ্থীৰ মূৰতো কৰৰ বোজা (Etv bharat)

গুৱাহাটী, 14 মে’: মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীয়ে কৰৰ অহসনীয় বোজা বহন কৰাৰ পাছত এইবাৰ পৰীক্ষাৰ্থীয়ে বহন কৰিব লাগিব জি এছ টিৰ বোজা । বিভিন্ন ক্ষেত্রত জি এছ টি জাপি দি সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধোৱাৰ পাছত এইবাৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো জি এছ টি জাপি দি মেধাৱী শিক্ষার্থীসকলক আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰিছে খোদ চৰকাৰে ।

উল্লেখ্য যে এইবাৰ চৰকাৰে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণতো 18 শতাংশ জি এছ টি আৰোপ কৰিছে । লক্ষণীয় বিষয় যে শেহতীয়াকৈ ৰাজকোষ টনকিয়াল কৰিবলৈ চৰকাৰে সুৰাৰ বিক্ৰী বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰিছে । আনকি এইক্ষেত্রত বিক্ৰেতাসকলক টার্গেটো ধৰি দিয়া হৈছে । মুঠতে যিকোনো উপায়ে চৰকাৰক ৰাজহ লাগে ।

চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি মাহে মাহে আর্থিক সাহায্য দি ব্যয় বৃদ্ধি কৰিবলগীয়া হোৱাত ৰাজহ ঘাটি জোৰা মাৰিবলৈ চৰকাৰে সঘনাই হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে । ইফালে, ৰাজ্যখনত নিবনুৱা সমস্যাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এইসকল নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ সময়তে এইবাৰ চৰকাৰে চাকৰিৰ বাবে আবেদন কৰা নিবনুৱা প্ৰাৰ্থীৰ পৰা মাচুলৰ উপৰি 18 শতাংশ কৰ সংগ্ৰহ কৰাৰ টোঘলকী সিদ্ধান্ত গ্ৰহণ কৰিছে । অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ পৰা চৰকাৰে সংগ্ৰহ কৰিব প্ৰচেছিং চার্জ আৰু তাৰ ওপৰত 18 শতাংশ জি এছ টি ।

প্ৰতিযোগিতামূলক পৰীক্ষাতো কৰ আৰোপ: এতিয়াৰে পৰা এ পি এছ চিৰ মূল পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিজন নিবনুৱা প্ৰাৰ্থীয়ে চৰকাৰক এই কৰ পৰিশোধ কৰিব লাগিব । শেহতীয়াকৈ অসম লোকসেৱা আয়োগে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষালৈ বাছনি লাভ কৰা 2898 জন প্ৰাৰ্থীক 18 শতাংশ জি এছ টিসহ প্রচেছিং চার্জ আদায় দি আবেদন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্রনিকছ এণ্ড ইনফর্মেশ্বন টেকন'লজি মন্ত্ৰণালয়ৰ ডিজিটেল ইণ্ডিয়াৰ অধীনত এইবাৰৰ পৰা লোকসেৱা আয়োগে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

অনলাইন আবেদনৰ মাচুল: অনলাইন ৰিক্ৰুইটমেন্ট প'ৰ্টেলযোগে আবেদন কৰাৰ সময়ত আবেদনকাৰীয়ে পৰীক্ষা মাচুলৰ লগতে প্ৰচেছিং চাৰ্জ আৰু প্ৰচেছিং চাৰ্জৰ ওপৰত অতিৰিক্ত 18 শতাংশ জি এছ টি আদায় দিব লাগিব । উল্লেখ্য যে , চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাৰ্থীৰ লগতে বিশেষভাৱে সক্ষম আৰু মহিলা প্ৰাৰ্থীৰ মাচুল ৰেহাই দিছিল । কিন্তু এতিয়া অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিবলগীয়া হোৱাত মাচুল ৰেহাই পোৱা এইসকল আবেদনকাৰীয়েও 40 টকা প্ৰচেছিং চার্জত জি এছ টিসহ মুঠ 47.20 টকা মাচুল আদায় দিব লাগিব । ইয়াৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে 250 টকা আবেদন মাচুলৰ উপৰি 40 টকা প্ৰচেছিং চার্জ আৰু জি এছ টিসহ মুঠ 297.20 টকা মাচুল আদায় দিব লাগিব ।

আনহাতে এছ টি, এছ চি, অ' বি চি, এম অ’ বি চি প্ৰাৰ্থীৰ আবেদন মাচুল নিৰ্ধাৰণ কৰিছে 150 টকা । অৱশ্যে প্ৰচেছিং চার্জ আৰু জি এছ টিসহ তেওঁলোকে মুঠ 197.20 টকা মাচুল আদায় দিব লাগিব । উল্লেখ্য যে অসম লোকসেৱা আয়োগে 9 মে'ত 2023 বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । এইবাৰ মুঠ 67,251 জন প্রার্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে । ইয়াৰ মাজৰে 2896 জন প্রার্থী মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বাছনি লাভ কৰিছে ।

পূৰ্বৰ সাতটা স্থানৰ সলনি এ পি এছ চিৰ মূল পৰীক্ষা হ'ব কেৱল গুৱাহাটীত: অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা পূৰ্বৰ সাতটা স্থানৰ বিপৰীতে কেৱল গুৱাহাটীত অনুষ্ঠিত কৰাৰ প্ৰসংগত সৰৱ হৈ পৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এ পি এছ চি । সংস্থাটোৱে অভিযোগ কৰা অনুসৰি দৰিদ্ৰ পৰীক্ষাৰ্থীৰ বাবে ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বিজেপি চৰকাৰৰ কাৰ্যকালত কঠিন হৈ পৰিছে ।

সংস্থাটোৰ প্রশাসক মানস প্রতীম বৰুৱাই এক বিবৃত্তিযোগে কয় যে ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষাসমূহত অৱতীর্ণ হোৱাতো দৰিদ্ৰ আৰু আনকি একাংশ মধ্যবিত্ত শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে ক্ৰমাৎ যেন কঠিন হৈ পৰিছে । শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ 2023 বৰ্ষৰ অসামৰিক সেৱাৰ মূল পৰীক্ষাৰ প্ৰ-প্ৰত্ৰ পূৰণৰ ক্ষেত্ৰতো 18৮ শতাংশ জি এছ টি আৰোপ কৰাৰ বাতৰিয়ে সকলোকে আচৰিত কৰি তুলিছে ।

আনকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ, বিশেষভাবে সক্ষম আৰু মহিলা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত পূৰ্বে মাচুল ৰেহাই থকা পৰিৱৰ্তে এতিয়া সেইসকল প্রার্থীয়েও প্ৰচেছিং চাৰ্জ আৰু প্ৰচেছিং চাৰ্জৰ ওপৰত 18 শতাংশ জি এছ টি আদায় দিব লাগিব । তদুপৰি অসম লোকসেৱা আয়োগে মূল পৰীক্ষাৰ বাবে বিগত বৰ্ষত গুৱাহাটীসহ মুঠ 7 টা স্থানত মূল পৰীক্ষা অনুষ্ঠিত কৰিছিল । যাৰ বাবে উজনি আৰু নামনি অসমৰ লগতে বৰাক ভেলী আদি সকলো ঠাইৰ পৰীক্ষাৰ্থীসকল যথেষ্ট উপকৃত হৈছিল । কিয়নো মূল পৰীক্ষাৰ বাবে গুৱাহাটীলৈ আহি তিনি-চাৰিদিন গুৱাহাটীত থকা খোৱাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন ।

তদুপৰি একাংশ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে গুৱাহাটীত এইদৰে পৰীক্ষা দিবলৈ অহাটো যথেষ্ট কষ্টকৰ । যাৰ বাবে বৰুৱাই অতি শীঘ্ৰে অসম লোকসেৱা আয়োগ তথা অসম চৰকাৰক পূৰ্বৰ দৰে অসমৰ 7 টা স্থানত মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । আনহাতে বিগত বৰ্ষৰ মাৰ্কশ্বীট কেলেংকাৰিৰ কোনো তদন্তটো নোহোৱাৰ উপৰি মূল পৰীক্ষাৰ কাট অফ নম্বৰ ৰাজহুৱা কৰাৰ সৎ সাহস আয়োগৰ নহ'ল বুলিও বৰুৱাই সদৰী কৰে । বৰুৱাই অসম লোকসেৱা আয়োগক অতি শীঘ্ৰে বিগত বৰ্ষৰ লগতে এই বছৰৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ কাট অফ নম্বৰ ৰাজহুৱা কৰিবলৈ
দাবী জনায় ।

লগতে পঢ়ক: এ পি এছ চিৰ-২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষাৰ ফলাফল ঘোষণা - APSC Prelims Result 2023

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.