ETV Bharat / state

এ পি এছ চিৰ-২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষাৰ ফলাফল ঘোষণা - APSC Prelims Result 2023

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 5:49 PM IST

APSC CCE Prelims Result 2023: ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২৩ৰ ফলাফল ৷ যোগ্যতা অৰ্জন কৰিছে ২৮৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে ৷

APSC CCE Prelims Result 2023
APSC-2023ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা (ETV Bharat Assam)

গুৱাহাটী, ৯ মে’ : বৃহস্পতিবাৰে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২৩ৰ ফলাফল ঘোষণা কৰে । অসমৰ ৩২ খন জিলাৰ ১১৬ টা কেন্দ্ৰত মুঠ ২৩৫ টা পদৰ বিপৰীতে এই পৰীক্ষা অনুষ্ঠিত হৈছিল । এই পৰীক্ষাত ৬৭,২৫১ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল ।

পোন প্ৰথমবাৰৰ বাবে OMRৰ সৈতে প্ৰাৰ্থীৰ বাবে কাৰ্বন প্ৰতিলিপি উপলব্ধ কৰা হৈছিল । মূল পৰীক্ষাৰ বাবে মুঠ ২৮৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে । তাৰ ভিতৰত ৭১৯ গৰাকী মহিলা, ১০৬ গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২ গৰাকী প্ৰাক্তন সৈনিক পৰীক্ষাৰ্থী আছে ।

অসম লোকসেৱা আয়োগৰ সচিবে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে । বিবৃতিটোত উল্লেখ কৰা অনুসৰি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে উক্ত পৰীক্ষাত মৰাণ মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । মূল পৰীক্ষা জুলাই মাহৰ শেষভাগত অনুষ্ঠিত হ'ব ।

মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ কৰোৱা হ'ব । পৰীক্ষাৰ্থীসকলে উত্তৰসমূহ অসমীয়া মাধ্যমতো লিখিব পাৰিব বুলি অসম লোকসেৱা আয়োগৰ সচিবে জানিবলৈ দিছে । উল্লেখ্য যে ১৮ মাৰ্চত অনুষ্ঠিত হৈছিল অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ।

ৰাজ্যৰ ৩২ খন জিলাৰ মুঠ ১১৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল । এই পৰীক্ষাৰ জৰিয়তে নিযুক্তি হ'বলগীয়া ২৩৫টা পদৰ বাবে মুঠ ৬৭,২৫১ গৰাকী প্ৰার্থীয়ে আবেদন দাখিল কৰিছিল । এই ২৩৫টা পদৰ ভিতৰত এ চি এছৰ বাবে ৪৫টা আৰু এ পি এছৰ বাবে ৩৫ টা পদ আছে । উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইবাৰ অ’ এম আৰৰ সৈতে প্ৰাৰ্থীৰ বাবে কাৰ্বন প্ৰতিলিপি উপলব্ধ কৰোৱা হৈছিল ।

আনহাতে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২৩ৰ প্ৰশ্নসমূহৰ ‘Provisional Answer Key’সমূহ পৰীক্ষা শেষ হোৱাৰ অন্তত আয়োগৰ ৱেবচাইটত উপলব্ধ কৰোৱা হৈছিল । মূল পৰীক্ষা জুলাই মাহৰত অনুষ্ঠিত হ'ব । উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা প্ৰথমতে ১৭ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু পিচত ১৮ মাৰ্চত অনুষ্ঠিত হয় ।

১৭ মাৰ্চত SLET পৰীক্ষা থকা বাবে অসম লোকসেৱা আয়োগে পৰীক্ষাৰ দিন সলনি কৰি ১৮ মাৰ্চত অনুষ্ঠিত কৰিছিল ।

লগতে পঢ়ক: ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.