ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাই মানসিক ভাৰসাম্য হেৰুৱাইছে : অজিত কুমাৰ ভূঞা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 4:37 PM IST

Ajit Kumar Bhuyan: হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো লাগ-বান্ধ নোহোৱা হৈছে ৷ সুস্থ মানুহে তেওঁৰ কথাবোৰত গুৰুত্ব দিয়া উচিত নহয় ৷ এইদৰে ক’লে অজিত কুমাৰ ভূঞাই ৷ আৰু কি কি বিস্ফোৰক মন্তব্য সাংসদগৰাকীৰ? চাওক জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ...

Ajit Kumar Bhuyan
অজিত কুমাৰ ভূঞাৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

অজিত কুমাৰ ভূঞাৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

নগাঁও, 18 মে’: ‘‘মানসিক ভাৰসাম্য হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁৰ কথাৰ কোনো লাগ-বান্ধ নোহোৱা হৈছে ৷ আজি এটা কয়, কাইলৈ এটা কয় ৷ সুস্থ মানুহে তেওঁৰ কথাবোৰত গুৰুত্ব দিয়া উচিত নহয় ৷’’ এই মন্তব্য সাংসদ তথা নাগৰিক সমাজ অসমৰ সভাপতি অজিত কুমাৰ ভূঞাৰ ৷

ৰাজ্যত ইতিমধ্য সম্পন্ন হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰক সাংসদগৰাকীয়ে কৰিলে বহুকেইটা বিস্ফোৰক মন্তব্য ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক কোনো অসমীয়া মানুহে এইবাৰ ভোট দিয়া নাই বুলি মন্তব্য কৰি সাংসদ ভূঞাই কয় যে সোণোৱালে ভোটৰ বাবে বাহিৰৰ মানুহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে ৷ ইফালে গুৱাহাটী লোকসভা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক বিজেপিৰ মানুহেও ভোট দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অজিত কুমাৰ ভূঞাই ৷

লগতে পঢ়ক: ৪ তাৰিখৰ ভোট গণনাত বিজেপি নেতা-কৰ্মীয়ে খেলিমেলি কৰাৰ শংকা কংগ্ৰেছৰ

আনহাতে এ আই ইউ ডি এফৰ সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, ‘‘ আগতে এ আই ইউ ডি এফৰ ছদ্মবেশী ৰূপটো আমাৰ চকুত ধৰা পৰা নাছিল ৷ সেইটো ভুল আমি মুকলিকৈ স্বীকাৰ কৰিব লাগিব ৷ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি যে কাম কৰি আছে আমি ধৰিবই নোৱাৰিলোঁ ৷ আজমলক হিমন্ত বিশ্ব শৰ্মাই লৈ গৈছিল অমিত শ্বাহক লগ কৰিবলৈ ৷ আজমল নহ’লে হিমন্ত বিশ্ব শৰ্মাই মেৰুকৰণ কৰিব নোৱাৰে ৷ বদৰুদ্দিন আজমলক দিছপুৰত সোমাবলৈ নিদিয়াৰ কথা আছিল ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়েই আজমলৰ পৰা আশীৰ্বাদ লৈছিল ৷ দৰ্জা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাৰ মূৰত হাত দি আজমলে আশীৰ্বাদ দিছিল ৷’’

এইবাৰৰ নিৰ্বাচনৰ পিচতে বদৰুদ্দিন আজমল অসমৰ মাটিৰ পৰা ধূলিসাৎ হ’ব বুলি ভৱিষ্যদ্বাণী কৰে অজিত কুমাৰ ভূঞাই ৷ আজমল নাথাকিলে হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণৰ কাৰণে কি কৰিব সেয়াও ক’লে সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে আন এজন আজমল সৃষ্টি কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে ৷ নতুন এজন ‘আজমল’ ওলিয়াই লৈ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণৰ বাবে তেওঁক তুলি ধৰিব বুলি কয় অজিত কুমাৰ ভূঞাই ৷

লগতে পঢ়ক: দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰক আক্ৰমণ

আনকি এইবাৰ নিৰ্বাচনত শাসকীয় বিজেপি দলে প্ৰতিটো সমষ্টিত টকাৰ নৈ বোৱাইছিল বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক, ৰাজ্যসভাৰ সাংসদ তথা নাগৰিক সমাজ অসমৰ সভাপতি অজিত কুমাৰ ভূঞাই । ইপিনে ভাৰত জোড়ো অভিযানত অংশগ্ৰহণ কৰিয়েই নাগৰিক সমাজ অসম ৰাজপথলৈ ওলাই অহাৰ কথাও উল্লেখ কৰি অজিত কুমাৰ ভূঞাই কয় যে এইবাৰ নিৰ্বাচন ৰাইজে খেলিছে আৰু অসমৰ পাঁচ ছয়খন আসনেই বিৰোধীয়ে লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক: মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ অভিযোগ পত্র তৃণমূল কংগ্ৰেছ অসমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.