শীঘ্ৰেই নিয়ন্ত্ৰণলৈ আহিব কপিলীয়ে সৃষ্টি কৰা বানৰ প্ৰকোপ - Assam Flood 2024
Assam Flood 2024: হোজাইত কপিলী নৈৰ জলপৃষ্ঠ হ্ৰাস পাইছে ৭১ মিটাৰৰ পৰা ৭০ মিটাৰলৈ । লগতে কমিছে বানৰ প্ৰকোপ । জিলা আয়ুক্ত লাচিত কুমাৰ দাসে সদৰী কৰে এই তথ্য ।

Published : June 2, 2024 at 8:44 AM IST
হোজাই, ২ জুন : হ্ৰাস পাইছে কপিলী নৈৰ জলপৃষ্ঠ । লাহে লাহে কমিছে বানৰ প্ৰকোপ । হোজাই জিলাৰ তিনিটা ৰাজহচক্ৰ ক্ৰমে লংকা, হোজাই আৰু বিনাকান্দিত বিগত তিনিদিন ধৰি বানে যি সংহাৰীৰূপ ধাৰণ কৰিছিল, তাৰ তুলনাত শুকুৰবাৰে দিনৰ ২ বজাৰ পৰা কমিছে কপিলী নৈৰ জলপৃষ্ঠৰ লগতে কপিলী নৈৰ বাঢ়নী পানী । হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে সদৰী কৰে এই তথ্য ।
আয়ুক্তগৰাকীয়ে জনাই যে জিলাখনৰ ৫৩ খন গাঁৱত কপিলী বাঢ়নী পানী সোমাইছে ৷ তাৰে প্ৰায় ৯৪ হাজাৰ মানুহ বানপানী প্ৰভাৱত পৰিছে । জিলাখনত বৰ্তমানলৈকে ৬২ টা বানাক্ৰান্তৰ বাবে স্থাপন কৰা শিবিৰত ৪৪,৪৭৯ জন ব্যক্তিয়ে আশ্ৰয় লৈ আছে । অৱশ্যে কপিলী নৈৰ জলপৃষ্ঠ ৭১ মিটাৰৰ পৰা ৭০ মিটাৰলৈ নামিছে । শুকুৰবাৰে দুপৰীয়া ২ বজাৰৰ পৰা ক্ৰমান্বয়ে পানী তললৈ নামি আহিছে ।
বানৰ ফলত হোজাইৰ পৰা টুম্পেং অৰ্থাৎ কাৰ্বি আংলং সংযোগী পথ আৰু নীলবাগানৰ পৰা যমুনামুখ সংযোগী দুটা ৰাজ্যিক পথ বানৰ বাবে বন্ধ কৰি দিয়া হৈছিল । যমুনামুখ সংযোগী পথটো হয়টো দুদিনৰ ভিতৰত খুলিব পৰা যাব । হোজাই-টুম্পেং পথটোও বানপানীৰ বাবে ক্ষতি হোৱা এটা অংশ মেৰামতি কৰি খুলিব পৰা যাব বুলি উল্লেখ কৰাৰ লগতে বৰ্তমানলৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা আশ্ৰয় শিবিৰকে ধৰি সকলো লোককে পৰ্যাপ্ত পৰিমাণৰ বয় বস্তু দিয়া হৈছে আৰু ক'তো কোনো অভাৱ হোৱা নাই বুলি মন্তব্য কৰে আয়ুক্তগৰাকীয়ে ।
শিশুৰ খাদ্যকে আদি কৰি ধৰি নেপকিন, চাউল, দাইল, নিমখ, মিঠাতেল, মম আদি দিয়া হৈছে আৰু লগতে আশ্ৰয় শিবিৰসমূহত ICDS কৰ্মীসকলে গৈ শিশুসকলক খাদ্য যোগান ধৰাৰ লগতে পাঠদানো দিয়া হৈছে । লগতে আশ্ৰয় শিবিৰ আৰু বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনৰ ফালৰ পৰা চিকিৎসক দলো পঠোৱা হৈছে বুলি উল্লেখ কৰাৰ লগতে জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত শেহতীয়া সকলো তথ্য সদৰী কৰে হোজাই জিলা আয়ুক্তগৰাকীয়ে ।

