ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 9, 2022, 7:07 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত এশিঙীয়া গঁড়

কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত এটা এশিঙীয়া গঁড় (Rhinoceros injured in truck collision) ৷ ঘটনাৰ বিৱৰণী অনুসৰি কাজিৰঙাৰ হালধীবাৰী এনিমেল ক’ৰিডৰত দ্ৰুতবেগেৰে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল WB 91 6749 নম্বৰৰ এখন ট্ৰাক ৷ চলন্ত ট্ৰাকখনৰ সন্মুখত হঠাৎ ওলাই এটা প্ৰকাণ্ড গঁড় ৷

কানৈ মহাবিদ্যালয় উপস্থিত হৈ ছাত্ৰাৱস্থাৰ স্মৃতি সোঁৱৰিলে সৰ্বানন্দ সোণোৱালে

নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কানৈ মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে ৰোমন্থন কৰিলে ছাত্ৰাৱস্থাৰ স্মৃতি (Sarbananda Sonowal at Kanoi College)৷

ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

দিন দুপৰতে মহানগৰীত সংঘটিত হৈছে এক অঘটন ৷ ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি দুৰ্বৃত্তই মহানগৰীৰ জোৰোডস্থিত এখন দোকানৰ পৰা লুটি নিলে প্ৰায় ৬০-৭০ হাজাৰ টকা (Miscreant looted about 60-70 thousands)৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য ৷

তিনিচুকীয়াত এনকাউণ্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী

তিনিচুকীয়াত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা (Encounter in Tinsukia) ৷ নিহত ড্ৰাগছ সৰবৰাহকাৰী ৷

Lakshmi Puja 2022: জানক কি কি নিয়মেৰে মা লক্ষ্মীক পূজা কৰিলে হ'ব ধনৰ আগমণ

লক্ষ্মী পূজা হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা । হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয় । পূব ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয় ।

নকুল দাসৰ কন্ঠত উন্মোচন থিয়নাম আৰু নাওখেলৰ গীতৰ শ্ৰব্য কেছেট

বৰপেটাৰ প্ৰখ্যাত লোকশিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক নকুল দাসৰ কন্ঠত দেওবাৰে থিয়নাম আৰু নাওখেলৰ গীতৰ শ্ৰব্য কেছেট উন্মোচন (Audio cassette of Theonam) ।

অমিত শ্বাহক হিতেশ্বৰ শইকীয়াৰ চৰকাৰে কৰা ব্যৱহাৰক লৈ গৌৰৱান্বিত ভূপেন বৰা

‘‘গুৱাহাটীলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যবাসীক কেইবাটাও অবাস্তৱ কথা ক'লে । হিতেশ্বৰ শইকীয়াই যদি বিভাজনকামী শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাত কাৰোবাৰ পিঠি লাল হৈছিল তেন্তে তাৰবাবে কংগ্ৰেছ দল গৌৰান্বিত । অসম বিদেশী মুক্ত হ'ব বুলি কৈছিল, কিন্তু কিমান হ'ল? বিজেপিয়ে দখল কৰিলে বানমুক্ত অসমৰ গৱেষণাৰ বাবে দিয়া মাটি । কাৰ্যালয়ৰ লগতে প্ৰতিশ্ৰুতি অনুসৰি বৰাকৰ মিনি সচিবালয় আৰু গুৱাহাটীৰ টুইন টাৱাৰ মুকলি কৰা হ'লে ভাল পালোহেঁতেন’’৷ এই মন্তব্য ভূপেন বৰাৰ(APCC president Bhupen Borah) ৷

নিবনুৱা সমস্যাক লৈ নীতিশ কুমাৰক তীব্ৰ আক্ৰমণ প্ৰশান্ত কিশোৰৰ

নিবনুৱা সমস্যাক লৈ নীতিশ কুমাৰক আক্ৰমণ প্ৰশান্ত কিশোৰৰ(Prashant Kishore criticized Nitish Kumar) । তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ইমান কাম কৰিছে যে এতিয়া একো কৰিবলৈ বাকী নাই । আনহাতে, বিহাৰৰ যুৱক-যুৱতীসকলে ১০-১৫ হাজাৰ টকা উপাৰ্জন কৰাৰ বাবে দূৰণিবটীয়া ৰাজ্যবোৰলৈ যায় ।

জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো প্ৰয়োজন নাই : মোহন ভগৱতক কটাক্ষ ওৱেইছিৰ

জনসংখ্যা নীতি সন্দৰ্ভত আৰ এছ এছৰ মুৰব্বী মোহন ভগৱতৰ মন্তব্যৰ (RSS head Mohan Bhagawat) প্ৰতিক্ৰিয়া ব্যক্ত কৰি বুধবাৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱেইছিয়ে কয় যে জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো প্ৰয়োজন নাই ।

গুৱাহাটী ৰেল ষ্টেচনত নকল সোণসহ আটক এজন

দেওবাৰে গুৱাহাটী ৰেল ষ্টেচনত (Guwahati Railway Station) ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নকল সোণ ৷ জব্দ কৰা নকল সোণখিনিৰ পৰিমাণ প্ৰায় ৩৪০ গ্ৰাম ৷ অভিযানৰ সময়ত ৰে’লৱে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীকো (One arrested with fake gold in Guwahati ) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.