ETV Bharat / bharat

জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো প্ৰয়োজন নাই : মোহন ভগৱতক কটাক্ষ ওৱেইছিৰ

author img

By

Published : Oct 9, 2022, 6:58 PM IST

জনসংখ্যা নীতি সন্দৰ্ভত আৰ এছ এছৰ মুৰব্বী মোহন ভগৱতৰ মন্তব্যৰ (RSS head Mohan Bhagawat) প্ৰতিক্ৰিয়া ব্যক্ত কৰি বুধবাৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱেইছিয়ে কয় যে জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো প্ৰয়োজন নাই ।

owesi
owesi

নিউজ ডেস্ক, ৯ অক্টোবৰ : জনসংখ্যা নীতি (Population policy of India) সন্দৰ্ভত আৰ এছ এছৰ মুৰব্বী মোহন ভগৱতৰ (RSS head Mohan Bhagawat) মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বুধবাৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে (AIMIM Head Asaduddin Owaisi) কয় যে জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো প্ৰয়োজন নাই । কাৰণ দেশখনে ইতিমধ্যেই প্ৰতিস্থাপনৰ হাৰ অৰ্জন কৰিছে ।

ৱেইছিয়ে এক টুইটত কয়, "যদি হিন্দু আৰু মুছলমানৰ ডিএনএ একে হয়, ভাৰসাম্যহীনতা ক'ত ? জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো প্ৰয়োজন নাই । কিয়নো আমি ইতিমধ্যে প্ৰতিস্থাপনৰ হাৰ লাভ কৰিছোঁ (Muslim population in India) ।"

সংবাদ সংস্থা এএনআইয়ে আছাদুদ্দিন ওৱেইছিৰ (Asaduddin Owaisi) এটা ভিডিঅ' টুইট কৰিছে । য'ত তেওঁ কৈছে, "মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি হোৱা নাই (Population hike in India) । বিনা কাৰণতে আপুনি উদ্বিগ্ন নহ'ব । মুছলমানসকলৰ জনসংখ্যা হ্ৰাস পাইছে । মোক এটা চেনেলত বিতৰ্কৰ বাবে মাতি অনা হৈছিল । মই তাত কৈছিলোঁ যে বিজেপিৰ ডাঙৰ নেতাসকলৰ পিতৃ-মাতৃয়ে কিমানটা সন্তান জন্ম দিছে । তেতিয়া মোক কোৱা হৈছিল যে নহয়, আপুনি সঠিক কথা কয় ।"

একে সময়তে ৱেইছিয়ে কয়, "মুছলমানসকলৰ জনসংখ্যা হ্ৰাস পাইছে । সৰ্বাধিক টিএফআৰ (TFR) অর্থাৎ মুঠ উৰ্বৰতাৰ হাৰ (Total Fertility Rate) মুছলমানসকলৰ মাজত হ্ৰাস পাইছে । এটা সন্তানৰ পৰা আন এটা সন্তানৰ জন্মৰ মাজত মুছলমানসকলৰ মাজত ব্যৱধান সৰ্বাধিক । বেছিভাগ কণ্ডোম মুছলমানসকলে ব্যৱহাৰ কৰি আছে । মোহন ভগৱতে এই বিষয়ে নোকোৱাই ভাল । মোহন ভগৱত চাহেব, ক'ত জনসংখ্যা বৃদ্ধি পাইছে, আপুনি পৰিসংখ্যাৰ সৈতে কথা পাতক । আন্দাজত একো কথা নক'ব ।"

  • #WATCH | On RSS chief Mohan Bhagwat's statement that there's a religious imbalance in India, AIMIM chief Asaduddin Owaisi says, "Don't fret, Muslim population is not increasing, it's rather falling... Who's using condoms the most? We are. Mohan Bhagwat won't speak on this." pic.twitter.com/kcaYLaNm7A

    — ANI (@ANI) October 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চিন্তাটো হৈছে বয়সস্থ জনসংখ্যা আৰু নিবনুৱাসকলৰ বিষয়ে (Unemployment problem in India), যিয়ে বয়োজ্যেষ্ঠসকলক সহায় কৰিব নোৱাৰে । মুছলমানসকলৰ উৰ্বৰতাৰ হাৰ আটাইতকৈ দ্ৰুতগতিত হ্ৰাস পাইছে । উল্লেখ্য, নাগপুৰত আৰ এছ এছৰ দশেৰা ৰেলীত ভাষণ দি ভাগৱতে কয় যে ভাৰতে এক ব্যাপক চিন্তাধাৰাৰে জনসংখ্যা নীতি প্ৰস্তুত কৰা উচিত আৰু ই সকলো সম্প্ৰদায়ৰ বাবে সমানে প্ৰযোজ্য হ'ব লাগে । আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে সম্প্ৰদায় ভিত্তিত জনসংখ্যাৰ ভাৰসাম্যহীনতা এক গুৰুত্বপূৰ্ণ বিষয় । ইয়াক উপেক্ষা কৰিব নালাগে ।

লগতে পঢ়ক :কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.