ETV Bharat / state

কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

author img

By

Published : Oct 9, 2022, 1:55 PM IST

আজি গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ তৃতীয়টো দিন । কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি নীলাচলৰ শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী (Amit Shah Kamakhya Visit)। শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা আগবঢ়াই আশিস ল’লে অমিত শ্বাহে (Amit Shah took blessings from Maa Kamakhya)।

Home Minister Amit Shah visited Kamakhya
কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

গুৱাহাটী, ৯ অক্টোবৰ: তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) ৷ অসম ভ্ৰমণত ইতিমধ্যেই বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে ৷ আজি গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ তৃতীয়টো দিন । কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি নীলাচলৰ শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী (Amit Shah Kamakhya Visit)।

শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা আগবঢ়াই আশিস ল’লে অমিত শ্বাহে (Amit Shah took blessings from Maa Kamakhya)। মন্দিৰ প্ৰাংগনত গৃহমন্ত্ৰীক প্ৰত্যক্ষ কৰি ভিৰ কৰে বহু দৰ্শনাৰ্থীয়ে ৷ লগতে ‘ভাৰত মাতা কী জয়’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়াও পৰিলক্ষিত হয় একাংশ দৰ্শনাৰ্থীয়ে ।

উল্লেখ্য যে, কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ছোৱাত গৃহমন্ত্ৰীজনক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে কামাখ্যাত আশিস লৈ পৰৱৰ্তী কাৰ্যসূচীলৈ ৰাওনা হয় গৃহমন্ত্ৰীগৰাকী ।

কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিছে মন্ত্ৰীগৰাকী । মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে বানমুক্ত অসমৰ বিষয়ত বিজেপি ক'ৰ সমিতিৰে বৈঠকত মিলিত হয় । আকৌ শনিবাৰে পুৱা ৰাজ্যিক বিজেপিৰ নতুন কার্যালয় মুকলি কৰাৰ লগতে বিজেপিৰ ৪০টা জিলা কাার্যলয় মুকলি কৰে ৷

ইয়াৰ পিছত খানাপাৰাত কাৰ্যকৰ্তা সন্মিলনত ভাগ লয় মন্ত্ৰীগৰাকী । ইফালে ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক এক বৈঠকত অংশগ্ৰহণ কৰে । এই সন্মিলনৰ পৰাই গৃহমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী নষ্ট কৰে ৪০ হাজাৰ কিলোগ্ৰামৰো অধিক নিচাজাতীয় সামগ্ৰী (Amit Shah virtually destroyed huge amount of drugs) ।

উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিৱেশনত অংশ গ্ৰহণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে । আজি আৰক্ষী অধীক্ষকৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব অমিত শ্বাহ ।

লগতে পঢ়ক: গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰ্চুৱেলি নষ্ট কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ৪ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.