ETV Bharat / state

তিনিচুকীয়াত এনকাউণ্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Oct 9, 2022, 4:27 PM IST

Updated : Oct 9, 2022, 6:48 PM IST

তিনিচুকীয়াত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা (Encounter in Tinsukia) ৷ নিহত ড্ৰাগছ সৰবৰাহকাৰী ৷

Encounter in Tinsukia
তিনিচুকীয়াত এনকাউণ্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰীতিনিচুকীয়াত এনকাউণ্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী

তিনিচুকীয়া, 9 অক্টোবৰ: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা (Encounter in Assam)। দেওবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় এটা ড্ৰাগছ সৰবৰাহকাৰী (Encounter in Tinsukia) ।

কাকপথাৰ চেঙাপথাৰৰ মাধুৰ্য গোহাঁই নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হয় এই ঘটনা । আৰক্ষীৰ গুলীত নিহত হয় কাকপথাৰ ওবন গাঁৱৰ বিনোদ মৰাণ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো । আনহাতে ড্ৰাগছ সৰবৰাহকাৰীটো আশ্ৰয় লৈ থকা ঘৰটোৰ গৰাকী মাধুৰ্য গোহাঁই নামৰ ব্যক্তিগৰাকীৰ লগতে আন ৪ জনক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে (Drugs peddling in Tinsukia)।

তিনিচুকীয়াত এনকাউণ্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী

এনকউণ্টাৰৰ পাছতে ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কিছু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আৰক্ষীৰ গুলীত নিহত বিনোদ মৰাণৰ মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ(Tinsukia Civil Hospital) প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

Last Updated : Oct 9, 2022, 6:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.