ETV Bharat / state

ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

author img

By

Published : Oct 9, 2022, 4:03 PM IST

Updated : Oct 9, 2022, 9:37 PM IST

Miscreant looted about 60-70 thousands
ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

দিন দুপৰতে মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি দুৰ্বৃত্তই জোৰোডস্থিত এখন দোকানৰ পৰা লুটি নিলে প্ৰায় ৬০-৭০ হাজাৰ টকা (Miscreant looted about 60-70 thousands)৷

গুৱাহাটী, 9 অক্টোবৰ : আকৌ মহানগৰীত অঘটন ৷ অপৰাধৰ যেন ৰম্যভূমি হৈ পৰিছে গুৱাহাটী মহানগৰ ৷ দেওবাৰে দেওবাৰে দিন দুপৰতে সংঘটিত হ’ল এক ডকাইতি কাণ্ড (Robbery took place in Guwahati) ৷ মহানগৰীৰ জু-ৰোডস্থিত এখন দোকানত সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে ইনতাজ পাণ চপৰ পৰা লুটি লৈ যায় প্ৰায় ৬০-৭০ হাজাৰ টকা (Miscreant looted about 60-70 thousands) ৷ অভিযোগ অনুসৰি, দুৰ্বৃত্তৰ দলটো চিগাৰেট খোৱাৰ চলেৰে দোকানত সোমাইছিল ৷ তাৰ পাচতেই চিগাৰেটৰ পেকেটত ড্ৰাগছ ভৰাই দিয়া বুলি দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনক ভাবুকি প্ৰদান কৰিছিল ৷

আনকি উক্ত দোকানখনত ড্ৰাগছৰ কন্টেইনাৰ পোৱা বুলি ধমকি দিছিল ব্যৱসায়ীগৰাকীক ৷

তাৰ পাচতে ব্যৱসায়ীগৰাকীৰ পৰা লুটি নিছিল কেবাহাজাৰ টকা ৷ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, দুৰ্বৃত্তৰ দলটোৱে নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দিছিল ৷ ইফালে সমগ্ৰ ঘটনাৰ দৃশ্যাংশ বন্দী হৈছে ম’বাইল ফোনৰ কেমেৰাত ৷

ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিন্তু সুযোগ বুজি উক্ত স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত কেইটাই ৷ ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় গীতানগৰ আৰক্ষীক ৷ কিন্তু খবৰ পোৱাৰ বহু সময়লৈকে উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত নোহোৱাৰ এক অভিযোগ উত্থাপিত হৈছে ৷

অৱশ্যে বহু সময়ৰ পাচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ।

লগতে পঢ়ক : চোৰৰ অতপালি: দুৰ্গা মন্দিৰৰ যজ্ঞকুণ্ডত পাৰৰ কণী সিজাই খালে চোৰে

Last Updated :Oct 9, 2022, 9:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.