ETV Bharat / state

চোৰৰ অতপালি: দুৰ্গা মন্দিৰৰ যজ্ঞকুণ্ডত পাৰৰ কণী সিজাই খালে চোৰে

author img

By

Published : Oct 9, 2022, 2:20 PM IST

এটা কিশোৰৰ চোৰৰ দলৰ অতপালি (Robbery case at Jonai) ৷ মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে তালাচী চলোৱাৰ লগতে মন্দিৰত থকা পাৰ চৰাইৰ কণী চুৰি কৰি যজ্ঞকুণ্ডত সিজাই খায় ৷ এই সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত (Thief caught by cctv camera)৷

Thief detained by public at Jonai
চোৰৰ অতপালি: দুৰ্গা মন্দিৰৰ যজ্ঞকুণ্ডত পাৰৰ কণী বইল কৰি খালে চোৰে

জোনাই, 9 অক্টোবৰ: জোনাইত এটা কিশোৰৰ চোৰৰ দলৰ অতপালি (Robbery case at Jonai) ৷ দশমীৰ পিছদিনাৰ নিশা জোনাইৰ মূৰ্কংচেলেক নেপালী বস্তিৰ এটা দুর্গা মন্দিৰত পুৱতি নিশা প্ৰায় 3.30 বজাত এটা কিশোৰে চুৰি কৰিবলৈ দুৱাৰৰ তলা ভাঙে (Robbery case in Durga Mandir) ৷

মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে তালাচী চলোৱাৰ লগতে মন্দিৰত থকা পাৰ চৰাইৰ কণী চুৰি কৰি যজ্ঞকুণ্ডত সিজাই খায় ৷ এই সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত (Thief caught by cctv camera)৷ স্থানীয় ৰাইজে কেমেৰাৰ ফুটেজ দেখি হতবাক হয় ৷

কেমেৰাত বন্ধী হোৱা দৃশ্য চাই গাঁওবাসীয়ে শনিবাৰে কিশোৰটোক ধৰি আনে (Thief detained by public at Jonai )৷ কিশোৰ চোৰটো নেপালী বস্তিৰে বুলি জানিব পৰ গৈছে (Locals caught minor boy)৷

কিশোৰটোক সোধ-পোছ কৰাত চোৰ কৰাৰ কথা স্বীকাৰ কৰে ৷ কিশোৰটোৱে কোৱা অনুসৰি মন্দিৰত থকা ত্ৰিশূলেৰে দুয়োটা তলা ভাঙিছিল ৷ আনকি কিশোৰটোৱে পাৰৰ কণী খোৱাৰ কথাও স্বীকাৰ কৰে ৷

লগতে ৰাইজৰ প্ৰশ্নত কিশোৰটোৱে কয় যে, সিহঁতৰ এটা ছয়জনীয়া চোৰৰ দল আছে (minor boys thieves gang terror) ৷ জোনাইৰ বিভিন্ন প্ৰান্তৰ দোকান ভাঙি নিশা চুৰি কাৰ্য সংঘটিত কৰি আহিছে কিশোৰকেইটাই ৷ আনকি জোনাই সীমান্তৰ অৰুণাচলৰ ৰুকচিনস্থিত এখন বিলাতী মদৰ দোকানতো তলা ভাঙি ধন চুৰি কৰাৰ কথা স্বীকাৰ কৰে কিশোৰটোৱে ৷

অৱশেষত গাঁওবাসীয়ে চোৰৰূপী কিশোৰটোক আৰু চুৰি নকৰো বুলি ভগৱানৰ সন্মুখত ক্ষমা খুজিবলৈ দিয়ে ৷ আগন্তুক দিনত এনেবোৰ দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ গাঁৱৰ লোকে কিশোৰটোক বুজায় ৷ জোনাইত এনেদৰে এই সকল কিশোৰে নিশা হলে ব্যৱসায়ী প্ৰতিষ্ঠান, মানুহৰ ঘৰ আদিত সোমাই চুৰি কাৰ্য চলোৱা কাৰ্যই চিন্তিত কৰি তুলিছে জোনাইৰ সচেতন মহলক ৷

লগতে পঢ়ক: গুৱাহাটীত ডকাইতিৰ বলি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.