ETV Bharat / state

নকুল দাসৰ কন্ঠত উন্মোচন থিয়নাম আৰু নাওখেলৰ গীতৰ শ্ৰব্য কেছেট

author img

By

Published : Oct 9, 2022, 4:35 PM IST

বৰপেটাৰ প্ৰখ্যাত লোকশিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক নকুল দাসৰ কন্ঠত দেওবাৰে থিয়নাম আৰু নাওখেলৰ গীতৰ শ্ৰব্য কেছেট উন্মোচন (Audio cassette of Theonam) । অসমীয়া লোক সংগীত আৰু লোকগীতৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সাধনাৰ একনিষ্ঠ সেৱক নকুল দাসে বৰপেটাৰ একক আৰু অনন্য সম্পদ থিয়নাম আৰু নাওখেলৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টাৰে বাণীৱদ্ধ কৰা 'লয়ো হৰিৰ নাম' আৰু 'অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ' শীৰ্ষক শ্ৰব্য কেছেট দুখন আজি উন্মোচন কৰে ৷

Audio cassette of Theonam released in Barpeta
নকুল দাসৰ কন্ঠত উন্মোচন থিয়নাম আৰু নাওখেলৰ গীতৰ শ্ৰব্য কেছেট

বৰপেটা, 9 অক্টোবৰ: বৰপেটাৰ প্ৰখ্যাত লোকশিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক নকুল দাসৰ কন্ঠত দেওবাৰে থিয়নাম আৰু নাওখেলৰ গীতৰ শ্ৰব্য কেছেট উন্মোচন কৰা হয়(Audio cassette of Theonam) ।

অসমীয়া লোক সংগীত আৰু লোকগীতৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সাধনাৰ একনিষ্ঠ সেৱক নকুল দাসে বৰপেটাৰ একক আৰু অনন্য সম্পদ থিয়নাম আৰু নাওখেলৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টাৰে বাণীৱদ্ধ কৰা 'লয়ো হৰিৰ নাম' আৰু 'অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ' শীৰ্ষক শ্ৰব্য কেছেট দুখন আজি উন্মোচন কৰা হয় (Audio cassette of Theonam unveiled in voice of Nakul Das) ৷

বৰপেটা সাহিত্য সভা ভৱনত বহুসংখ্যক শিল্পী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই "অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ" শীৰ্ষক নাওখেলৰ শ্ৰব্য কেছেটটো উন্মোচন কৰে ৷ একেটা অনুষ্ঠানতে সুন্দৰী দিয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে 'লয়ো হৰিৰ নাম' শীৰ্ষক শ্ৰব্য কেছেটটো উন্মোচন কৰে ।

নকুল দাসৰ কন্ঠত উন্মোচন থিয়নাম আৰু নাওখেলৰ গীতৰ শ্ৰব্য কেছেট

শ্ৰব্য কেছেট উন্মোচনী অনুষ্ঠানত সত্ৰীয়াশিল্পী গুনীন ওজা, শিক্ষাবিদ ড৹ কিৰন চন্দ্ৰ বায়ন আদিয়েও অংশগ্ৰহণ কৰে ৷ হেৰাই যাব ধৰা নাওখেলৰ গীতসমূহৰ লগতে বিভিন্ন লোকগীত আৰু থিয়নামসমূহ সংৰক্ষণৰ বাবে নকুল দাসৰ প্ৰয়াসক কৃতজ্ঞতা জনাইছে বৰপেটাবাসীয়ে ৷

লগতে পঢ়ক: Satriya Workshop in Bihpuria: নাৰায়ণপুৰৰ বৰপথাৰত সত্ৰীয়া সংস্কৃতি কৰ্মশালাৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.