ETV Bharat / state

অমিত শ্বাহক হিতেশ্বৰ শইকীয়াৰ চৰকাৰে কৰা ব্যৱহাৰক লৈ গৌৰৱান্বিত ভূপেন বৰা

author img

By

Published : Oct 9, 2022, 4:48 PM IST

APCC president Bhupen Borah
অমিত শ্বাহক হিতেশ্বৰ শইকীয়াৰ চৰকাৰে কৰা ব্যৱহাৰক লৈ গৌৰৱান্বিত ভূপেন বৰা

‘‘গুৱাহাটীলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যবাসীক কেইবাটাও অবাস্তৱ কথা ক'লে । হিতেশ্বৰ শইকীয়াই যদি বিভাজনকামী শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাত কাৰোবাৰ পিঠি লাল হৈছিল তেন্তে তাৰবাবে কংগ্ৰেছ দল গৌৰান্বিত । অসম বিদেশী মুক্ত হ'ব বুলি কৈছিল, কিন্তু কিমান হ'ল? বিজেপিয়ে দখল কৰিলে বানমুক্ত অসমৰ গৱেষণাৰ বাবে দিয়া মাটি । কাৰ্যালয়ৰ লগতে প্ৰতিশ্ৰুতি অনুসৰি বৰাকৰ মিনি সচিবালয় আৰু গুৱাহাটীৰ টুইন টাৱাৰ মুকলি কৰা হ'লে ভাল পালোহেঁতেন’’৷ এই মন্তব্য ভূপেন বৰাৰ(APCC president Bhupen Borah) ৷

গুৱাহাটী, ৯ অক্টোবৰ: অসম ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Borah comments on Amit Shah)। শনিবাৰে গুৱাহাটীত কেইবাটাও অনুষ্ঠানত ভাগ লোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যৰ মাজতে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । তাৰ প্ৰতিক্ৰিয়াত দেওবাৰে অমিত শ্বাহক উভতি ধৰে ভূপেন কুমাৰ বৰাই ।

সংবাদ মাধ্যমৰ আগত বৰাই কয় যে ‘‘কংগ্ৰেছ দলে কেতিয়াও অসমৰ ৰাজনীতিত বিভাজন আনিব বিচৰা শক্তিক প্ৰশ্ৰয় দিয়া নাছিল । হিতেশ্বৰ শইকীয়াই যদি বিভাজনকামী শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল তেন্তে তাৰবাবে আজি আমি গৌৰৱবোধ কৰোঁ । তেওঁ লগতে কয় যে ইয়াৰ বাবে যদি কাৰোবাৰ পিঠি লাল হৈছিল তেন্তে তাৰ বাবে কংগ্ৰেছ দল গৌৰান্বিত । গুৱাহাটীলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যবাসীক কেইবাটাও অবাস্তৱ কথা ক'লে’’ (Amit Shah in Assam as ABVP member)।

ভূপেন বৰাই লগতে কয়, ‘‘অমিত শ্বাহে অসম এতিয়া প্ৰগতিৰ পথত আগুৱাই যোৱা বুলি কৈছে । কেইমাহমানৰ ভিতৰত অসম বান মুক্ত হ'ব বুলি কৈছে’’ । এনে কথা পূৰ্বেও বহুবাৰ কৈ আহিছে বুলি সদৰী কৰি বৰাই প্ৰশ্ন কৰে যে অসম বিদেশীমুক্ত হ'ব বুলি কৈছিল, কিন্তু কিমান হ'ল ? নিবনুৱা নাইকীয়া হ'ব বুলি কৈছিল, কিন্তু কিমান হ'ল? সেইদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিবনুৱামুক্ত অসম, বিদেশীমুক্ত অসম, দুৰ্নীতিমুক্ত অসম ক'লৈ গ'ল বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এতিয়া সৰ্বানন্দমুক্ত অসম হ'বলৈ গৈ আছে (Sarbananda Sonowal in Assam BJP)।

তেওঁ লগতে কয় যে বানমুক্ত কৰিবৰ বাবে এটা গৱেষণাগাৰ খোলাৰ বাবে এটুকুৰা মাটি দিছিল । কিন্তু সেই মাটি দখল কৰা দলে এতিয়া বানমুক্ত কৰাৰ কথা কৈছে । বিজেপিয়ে দখল কৰিলে বানমুক্ত অসমৰ গৱেষণাৰ বাবে দিয়া মাটি । এইখন অসমতে বিগত দুবছৰত অভাৱ-অনাটনত ৬,৫৪৫ জনে আত্মহত্যা কৰিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । তেওঁ লগতে কয় যে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল অমিত শ্বাহে । কিন্তু কইনাধৰাত হোৱা ক'ৰ কমিটীৰ বৈঠকত জনজাতিকৰণ সম্পৰ্কত অমিত শ্বাহে একোৱেই আলোচনা নকৰিলে ।

অমিত শ্বাহক হিতেশ্বৰ শইকীয়াৰ চৰকাৰে কৰা ব্যৱহাৰক লৈ গৌৰৱান্বিত ভূপেন বৰা

তেওঁ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ(Assam BJP new office) লগতে প্ৰতিশ্ৰুতি অনুসৰি বৰাকৰ মিনি সচিবালয় আৰু গুৱাহাটীৰ টুইন টাৱাৰ(Twin tower in Guwahati) মুকলি কৰাহেঁতেন ভাল পালোহেঁতেন । অসমৰ প্ৰতিখন মেডিকেল কলেজত কাৰ্ডিঅ'লজিষ্ট, নেফ্ৰল'জিষ্ট, নিউৰল'জিষ্ট নাই বুলি মন্তব্য কৰি ভূপেন বৰাই প্ৰশ্ন কৰে যে ইয়াৰ পাছতো অমিত শ্বাহে অসমত উন্নয়ন বন্যা বৈছে বুলি কৰা ঘোষণাৰ অৰ্থ কি ?

তেওঁ লগতে কয় যে ১৭ হাজাৰ কোটি টকা ঠিকাদাৰে বিল পাবলৈ বাকী আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভূপেন বৰাই । তেওঁ কয় যে সকলো ঠিকাদাৰে ঘৰত হাত সাৱটি বহি আছে । ১ লাখ কোটি টকাৰো অধিক ঋণ লৈ চৰকাৰ চলাই ভাষণ দিছে উন্নয়ন হৈছে বুলি । এনে পৰিস্থিতিত অমিত শ্বাহক ডিঙিৰ শিৰ ফুলাই নিচিঞৰিবলৈ আহ্বান জনাই ভূপেন বৰাই কয় যে অন্যথা শিৰ ছিগি যাব । তেওঁ কয় যে অসমৰ মানুহে টেঙা আম তিনিবাৰ আৰু ক্ৰয় নকৰে ।

অসমৰ ৩২.৬২ শতাংশ মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, ৩৯.৬২ শতাংশ মানুহ পুষ্টিহীনতাত ভুগিছে বুলি মন্তব্য কৰে ভূপেন বৰাই । আনহাতে দেশৰ ১০ খন পৰ্যটন ৰাজ্যৰ ভিতৰত অসম নাই বুলি মন্তব্য কৰি তেওঁ কয় যে অসম এতিয়া তিনিটা ক্ষেত্ৰত শীৰ্ষত আছে । মহিলাৰ বিৰুদ্ধে অপৰাধ, গাৰ্হস্থ্য হিংসা আৰু আধাতে স্কুল এৰি দিয়াৰ ক্ষেত্ৰত অসম এতিয়া এক নম্বৰত আছে । আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম কমাৰ পাছতো ভাৰতত পেট্ৰ'ল ডিজেলৰ দাম নকমে বুলি তেওঁ অভিযোগ কৰে ।

তেওঁ লগতে কয় যে World Hunger index ত বিশ্বৰ ১১৬ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০১ নম্বৰ । বিজেপিৰ ৰাজ্যিক কাৰ্যালয় মুকলিৰ ৪৮ ঘন্টাৰ পূৰ্বে বিশ্ব বেংকে দিয়া তথ্য মতে জিডিপি ৭.৫ শতাংশৰ পৰা ৬.৫ শতাংশ লৈ হ্ৰাস পাইছে । ক'ভিডৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে ৫ কোটি ভাৰতীয় অতি দৰিদ্ৰতাৰ দিশে গতি কৰিলে । আনহাতে কংগ্ৰেছৰ সভাপতি নিৰ্বাচন(AICC President election) সন্দৰ্ভত তেওঁ কয় যে সোমবাৰে সভাপতি পদৰ প্ৰাৰ্থী মাল্লিকাৰ্জুন খাৰ্গে অসমলৈ আহিব । অসমৰ ভোট আছে ২৮৯ টা আৰু ইয়াৰে ৪ জনে দল এৰাৰ বাবে ভোট দিব নোৱাৰে বুলি জানিবলৈ দিয়ে ভূপেন বৰাই ।

লগতে পঢ়ক: কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.