ETV Bharat / bharat

নিবনুৱা সমস্যাক লৈ নীতিশ কুমাৰক তীব্ৰ আক্ৰমণ প্ৰশান্ত কিশোৰৰ

author img

By

Published : Oct 9, 2022, 4:06 PM IST

নিবনুৱা সমস্যাক লৈ নীতিশ কুমাৰক আক্ৰমণ প্ৰশান্ত কিশোৰৰ(Prashant Kishore criticized Nitish Kumar) । তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ইমান কাম কৰিছে যে এতিয়া একো কৰিবলৈ বাকী নাই । আনহাতে, বিহাৰৰ যুৱক-যুৱতীসকলে ১০-১৫ হাজাৰ টকা উপাৰ্জন কৰাৰ বাবে দূৰণিবটীয়া ৰাজ্যবোৰলৈ যায় ।

PK
PK

নিউজ ডেস্ক, ৯ অক্টোবৰ : নিৰ্বাচনী ৰণনীতিবিদৰ পৰা ৰাজনীতিবিদ হোৱা প্ৰশান্ত কিশোৰৰ জন সূৰজ যাত্ৰা বৰ্তমান বিহাৰৰ বেতিয়াত চলি আছে (Prashant Kishor Jan Suraaj Yatra) । তাত তেওঁ নিৰন্তৰ মানুহক লগ কৰি আছে আৰু ৰাজহুৱা সভা সম্বোধন কৰি আছে । ইফালে পশ্চিম চম্পাৰণৰ মাইনাটন্দৰ বিৰাঁচী বজাৰত এক জনসমাবেশক সম্বোধন কৰি প্ৰশান্ত কিশোৰে কেন্দ্ৰ আৰু বিহাৰ চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।

মোদী চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে যি গুজৰাটে ২৬ জন সাংসদ প্ৰেৰণ কৰিছে তাত বুলেট ট্ৰেইন চলিব আৰু যি বিহাৰে ৩৯ জন সাংসদ প্ৰেৰণ কৰিলে তেওঁলোকে পেছেঞ্জাৰ ৰে'লো নাপাব । একে সময়তে, বিহাৰত নিবনুৱা সমস্যা (unemployment in Bihar) সন্দৰ্ভত তেওঁ কয় যে পেট পুহিবৰ বাবে বিহাৰৰ লোকসকল ভিন্ন ৰাজ্যলৈ ওলাই যায়, কিন্তু নীতিশ কুমাৰে কয় যে তেওঁ ইয়াত ইমান কাম কৰিছে যে এতিয়া একো কৰিবলৈ বাকী নাই ।

প্ৰশান্ত কিশোৰে বিহাৰৰ জনসাধাৰণক উদ্দেশ্যি কয়, "আপোনালোকৰ বহুতো পৰিয়ালৰ ল'ৰাই গুজৰাট, তামিলনাডু, কাশ্মীৰ আৰু আন বহুতো ৰাজ্যত কাম কৰি আছে । নৱপ্ৰজন্মৰ ল'ৰাবোৰে তেওঁলোকৰ ঘৰ, তেওঁলোকৰ গাঁও, তেওঁলোকৰ চহৰ এৰি আন এখন ৰাজ্যত গৈ 10 হাজাৰ, 15 হাজাৰ টকাত কাম কৰিবলগা হৈছে । যদি তেওঁ তাত অসুস্থ হৈ পৰে, তেন্তে আপুনি ইয়াত যন্ত্ৰণাত ভুগি থাকিব । কিন্তু একো কৰিব নোৱাৰে ।"

তেওঁ লগতে কয় যে যদি সুযোগ দিয়া হয় তেন্তে তেওঁ ছয় মাহত বিহাৰত ইমান চাকৰি সৃষ্টি কৰিব যে ১০-১৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ কোনেও বাহিৰলৈ যাব নালাগে ।

"মানুহে পেট পুহিবলৈ বহিঃৰাজ্যত গৈ কাম কৰিবলগা হৈছে । 10,000-15,000 টকাৰ বাবে নৱপ্ৰজন্মৰ ল'ৰাবোৰে তেওঁলোকৰ পৰিয়াল, গাঁও, নিজৰ অঞ্চল এৰি দূৰৱৰ্তী ৰাজ্যলৈ যাবলগা হৈছে । উৎসৱতো আনকি ঘৰ বিচাৰি নাপায় । যদি তেওঁ তাত অসুস্থ হৈ পৰে, আপুনি একো কৰিব নোৱাৰে । চটফটাই থাকিবলগা হয় । নীতিশ কুমাৰে (Bihar CM Nitish Kumar) ইয়াত কৈছে যে বিহাৰত ইমান কাম কৰা হৈছে যে কৰিবলৈ একো বাকী নাই । আপোনালেকো কওক যে এইটো সলনি হোৱা উচিত হয়নে নহয় ?" প্ৰশান্ত কিশোৰে এনেদৰে কয় ।

আনহাতে, গুজৰাটৰ গান্ধীনগৰৰ পৰা মুম্বাই চেণ্ট্ৰেললৈ চলিবলগা বন্দে ভাৰত এক্সপ্ৰেছক (Bonde Bharat Express) লৈও প্ৰশান্ত কিশোৰে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ বিহাৰৰ পক্ষত নহয়, কিন্তু গুজৰাটৰ ফালে আকৰ্ষিত হৈছে । এই কাৰণেই বন্দে ভাৰত এক্সপ্ৰেছ গুজৰাটৰ পৰা চলোৱা হৈছে, বিহাৰৰ পৰা নহয় ।

তেওঁ লগতে কয় যে, "বিহাৰে মোদী চৰকাৰক ৩৯ জন সাংসদ নিৰ্বাচন কৰি দিছে । আনহাতে, গুজৰাটৰ পৰা মাত্ৰ ২৬ জন সাংসদ আছে । কিন্তু সুখকৰ আৰু সুৰক্ষিত ভ্ৰমণ প্ৰদান কৰা অত্যাধুনিক ৰে'লখন গুজৰাটক দিছে আৰু বিহাৰক এখন যাত্ৰীবাহী ৰে'লো দিয়া হোৱা নাই ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতিৰ অভ্যৰ্থনা অনুষ্ঠানত অনুপস্থিত: পঞ্জাবৰ মুখ্যমন্ত্ৰীক সমালোচনা ৰাজ্যপালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.