কুৱেইটৰ অগ্নিকাণ্ডত নিহত ১৪ কেৰালিয়ানক চিনাক্ত; ৫ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কেৰালাৰ মুখ্যমন্ত্ৰীৰ - Kerala Citizen Died in Kuwait Fire
Kerala Citizen Died in Kuwait Fire : অগ্নিকাণ্ডত নিহত ভাৰতীয়সকলৰ মাজৰ পৰা কেৰালাৰ ১৪ গৰাকী লোকক চিনাক্ত কৰা হৈছে । আনহাতে, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জ উপসাগৰীয় দেশখনলৈ উৰা মাৰিছে । লগতে ৰাজ্যখনত সকলো ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠান বাতিল কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ । হেল্পলাইন নম্বৰ মুকলি ।

By ANI
Published : June 13, 2024 at 2:14 PM IST
নিউজ ডেস্ক, ১৩ জুন : কেৰালা চৰকাৰে বৃহস্পতিবাৰে জনাইছে যে কুৱেইটৰ মংগাফ অঞ্চলত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত এতিয়ালৈকে ৰাজ্যখনৰ ১৪ জন লোকক চিনাক্ত কৰা হৈছে । আনহাতে, কেবিনেটে লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জ আৰু এগৰাকী আই এ এছ বিষয়া ততালিকে কুৱেইটলৈ উৰা মাৰিব ।
বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ অধ্যক্ষতাত অনুষ্ঠিত এক জৰুৰীকালীন কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় । ইয়াৰ উপৰি ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালৰ প্ৰত্যেককে ৫ লাখ টকাকৈ আৰু আহতসকলৰ বাবে এক লাখ টকাকৈ এককালীন সাহায্যৰ কথাও ঘোষণা কৰে ।
আনহাতে, কেৰালা চৰকাৰে এই শোকাৱহ দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত 'লোক কেৰালা সভা'ৰ উদ্বোধনী কাৰ্যসূচী বাতিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে । "লোক কেৰালা সভা নিৰ্ধাৰিত সূচী অনুসৰি ১৪ আৰু ১৫ জুনত অনুষ্ঠিত হ'ব । অৱশ্যে ইয়াত কোনো ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠান নাথাকিব ।" মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কয় ।
উল্লেখ্য যে বুধবাৰে কুৱেইটৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত অতিকমেও 40 গৰাকী ভাৰতীয়ই প্ৰাণ হেৰুৱালগা হয় । ইয়াৰে ভিতৰত বেছিভাগেই কেৰালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । এই শোকাৱহ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত লোক কেৰালা সভাৰ চতুৰ্থ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান, আলোচনা-চক্ৰ আৰু ইয়াৰ লগত সম্পৰ্কিত কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে ।
প্ৰাপ্ত বাতৰি অনুসৰি, বুধবাৰে কুৱেইটৰ মাংগাফ অঞ্চলৰ এটা শ্ৰমিক আৱাস কেন্দ্ৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৪০ জনতকৈও অধিক ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ উপৰি আন ৫০ জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয় ।
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে এই ঘটনাটোত শোক প্ৰকাশ কৰে । আনহাতে, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা নিশ্চিত কৰিবলৈও তেওঁ আহ্বান জনায় ।
"কুৱেইটৰ মাংগাফৰ আৱাসিক কমপ্লেক্সত সংঘটিত শোকাৱহ অগ্নিকাণ্ডত গভীৰভাৱে শোকাহত হৈছোঁ । প্ৰাপ্ত প্ৰতিবেদন অনুসৰি, ভুক্তভোগীসকলৰ ভিতৰত কেইবাজনো কেৰালিয়ান আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক উদ্ধাৰ অভিযানত সমন্বয়ৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছোঁ । মৃতকৰ পৰিয়াল আৰু আত্মীয়লৈ সমবেদনা জনাইছোঁ আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ ।" মুখ্যমন্ত্ৰীয়ে তেওঁৰ এক্সৰ এটা পোষ্টত কয় ।
আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে আহতসকলক কুৱেইটৰ পাঁচখন চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঘাতপ্ৰাপ্তসকলৰ সহায়ৰ তদাৰক কৰিবলৈ আৰু মৃত্যু হোৱা লোকসকলৰ নশ্বৰ দেহ সোনকালে প্ৰত্যাৱৰ্তনৰ বাবে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষাৰ বাবে কুৱেইটলৈ প্ৰেৰণ কৰিছে ।
কুৱেইটলৈ ৰাওনা হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিল্লী বিমানবন্দৰত সাংবাদিকৰ আগত কয় যে কিছু মৃতদেহ চিনাক্তকৰণ কৰিব নোৱাৰাকৈ জ্বলি গৈছে । "সৰ্বাধিক লোক কেৰালা আৰু দক্ষিণ ভাৰতৰ অন্যান্য প্ৰান্তৰ আৰু চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে...।" তেওঁ কয় । লগতে যেতিয়ালৈকে প্ৰয়োজন হয় তেতিয়ালৈকে তেওঁলোক তাত থাকিব বুলিও আশ্বাস প্ৰদান কৰে ।
ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰি কয় যে ঘটনাটোৰ ভুক্তভোগীসকলৰ পৰিয়াল আৰু নিকটাত্মীয়সকলৰ প্ৰতি তেওঁ সমবেদনা জনাইছে । আনহাতে, কুৱেইটৰ ভাৰতীয় দূতাবাসে এটা জৰুৰীকালীন হেল্পলাইন নম্বৰো জাৰি কৰিছে । নম্বৰটো হৈছে +965-65505246 ।
কুৱেইট টাইমছৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত জুই সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনা হয় । সাতমহলীয়া অট্টালিকাটোত থকা ১৯৬ জন পুৰুষৰ বেছিভাগেই শুই আছিল । ইফালে কুৱেইটৰ আভ্যন্তৰীণ মন্ত্ৰালয় আৰু অগ্নিনিৰ্বাপক বিভাগৰ বিষয়াসকলৰ মতে, জুইৰ ফলত ক'লা ধোঁৱাই আৱৰি ধৰাৰ ফলত বেছিভাগ লোক শ্বাসৰুদ্ধ হৈছিল ।

