ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 15, 2022, 5:11 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Dima Hasao Flood: ভয়ংকৰ বানে উটুৱাই লৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

বিগত তিনিদিনৰ ধৰি নেৰানেপেৰাকৈ দিয়া বৰষুণৰ ফলত পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হৈছে ডিমা হাছাও জিলাত (Massive flood in Dima Hasao)। ভূমিস্খলন আৰু বানৰ তাণ্ডৱে পুনৰ ক্ষতিসাধন কৰিছে জিলাখনৰ বহু পৰিয়ালৰ (Landslide in Dima Hasao)। পাহাৰীয়া জিলাখনৰ বহু ঠাই ভূমিস্খলন আৰু বানৰ কৱলত পৰি বন্ধ হৈ পৰিছে যাতায়াত ।

ভাৰতীয় সেনাত আৰম্ভ 'মিছন অগ্নিপথ'

কেন্দ্ৰীয় চৰকাৰে সেনাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক সাল-সলনি কৰি 'মিছন অগ্নিপথ' নামৰ এখন নতুন আঁচনি ঘোষণা কৰিছে । আঁচনিখনৰ অধীনত নিযুক্তি পোৱাসকলক প্ৰথম বছৰত ৪.৭৬ লাখ টকাৰ বাৰ্ষিক বেতন দিয়া হ'ব । চাকৰিৰ অন্তিম বৰ্ষত তেওঁলোকে বছৰি ৬.৯২ লাখ টকাৰ বেতন পাব । কিন্তু তেওঁলোকে নাপাব কোনো পেন্সন ।

ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি: আৰক্ষীসহ আহত কেইবাগৰাকী প্ৰতিবাদকাৰী

বুধবাৰে প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ ৰাজীৱ ভৱন (APCC protest at Guwahati Rajiv Bhawan) ৷ শাসনাধিস্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ প্ৰতিবাদত বহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল ৷ এই প্ৰতিবাদত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ ফলত দিছপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ লগতে কেইবাজনো প্ৰতিবাদকাৰী আহত হয় ৷

যৌতুকজনিত অত্যাচাৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা আদালতৰ

যৌতুকজনিত অত্যাচাৰ (Dowry Harassment case) সন্দৰ্ভত গোচৰ ৰুজু হ'লেও দুমাহলৈ কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে । যৌতুক উৎপীড়ন আইন সন্দৰ্ভত বিশেষ নিৰ্দেশনা দিলে আদালতে । এই ক্ষেত্ৰত পৰিয়াল কল্যাণ সমিতিৰ দায়িত্ব সন্দৰ্ভত কি ক'লে আদালতে ?

অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বাবে হায়ৰাণ ৰাইজ

অসম গ্ৰামীণ বিকাশ বেংকৰ বাবে হাৰাশাস্তি ভূগিছে নগাঁৱৰ কলিয়াবৰৰ ৰাইজে (People of Kaliabor have suffered harassment for AGVB)। লিংক নথকাৰ অজুহাতেৰে দীৰ্ঘদিন ধৰি গ্ৰাহকৰ বিত্তীয় লেন-দেন বন্ধ ৰাখিছে কলিয়াবৰৰ কুঠৰীৰ অসম গ্ৰামীণ বিকাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰই । যাৰ বাবে গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

বানত প্লাৱিত বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল: আই নদীত জাহ গ’ল বাসগৃহ

ৰাজ্যৰ ভিন্ন স্থানত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে বহু কেইটা অঞ্চল ৷ কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ আই নদীয়ে ৷ যমৰ যাতনা ভুগিছে উত্তৰ অভয়াপুৰীৰ অৰ্ধ শতাধিক ৰাজহ গাঁৱৰ ৰাইজে (Flood in Bongaigaon due to heavy rainfall) ৷

শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ-ছাত্ৰী

পাঠদান নিয়মীয়া কৰিবলৈ প্ৰতিবাদত নামিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ-ছাত্ৰীসসকল (Barpeta Polytechnic student demand for regular classes ) ৷ হাতে হাতে বেনাৰ আৰু প্লে-কাৰ্ড লৈ শিক্ষানুষ্ঠান চৌহদত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱকৰ মৃত্যু

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গমন কৰা এজন যুৱকৰ মৃত্যু ৷ ৰে'লৰ পৰা পৰি কৰুণ মৃত্যুক আঁকোৱালি ল'লেডিব্ৰুগড়ৰ যুৱকে(Youth dies after falling off running train) ৷

Rahul reaches ED office: তৃতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত (National Herald money laundering case) তৃতীয় দিনাও কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জেৰা চলাব EDৰ বিষয়াসকলে । কাৰ্যালয়টোৰ চাৰিওফালে 144 ধাৰা জাৰি কৰাৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ দল মোতায়েন কৰা হৈছে ৷

দিলীপ কুমাৰৰ বাবে বঁটা গ্ৰহণ কৰি উচুপি উঠিল চাইৰা বানু

হিন্দী চিনেমা জগতৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰ যদিও আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ অভিনয়শৈলী অনুৰাগীসকলৰ হৃদয়ত সদায় জীয়াই আছে আৰু থাকিব । এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত চাইৰা বানুৱে স্বামী দিলীপ চাহাবৰ বাবে বঁটা গ্ৰহণ কৰি আৱেগিক হৈ হুকহুকাই কান্দি উঠিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.