ETV Bharat / state

শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ-ছাত্ৰী

author img

By

Published : Jun 15, 2022, 4:23 PM IST

পাঠদান নিয়মীয়া কৰিবলৈ প্ৰতিবাদত নামিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ-ছাত্ৰীসসকল (Barpeta Polytechnic student demand for regular classes ) ৷ হাতে হাতে বেনাৰ আৰু প্লে-কাৰ্ড লৈ শিক্ষানুষ্ঠান চৌহদত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

Student protest at Barpeta
শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ-ছাত্ৰী

বৰপেটা, 15 জুন: এইবাৰ শ্ৰেণী কোঠা এৰি প্ৰতিবাদত নামিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ-ছাত্ৰীসসকল ৷ মঙলবাৰে হাতে হাতে বেনাৰ আৰু প্লে-কাৰ্ড লৈ শিক্ষানুষ্ঠান চৌহদত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পাঠদান নিয়মীয়া কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষামন্ত্ৰীক দাবী জনায় (Barpeta Polytechnic student demand for regular classes ) ৷

জানিব পৰা মতে, প'লিটেকনিকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দীৰ্ঘদিনৰ পৰা পদোন্নতিকে ধৰি পদ নিয়মীয়াকৰণৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে (Protest by faculty of Barpeta Polytechnic ) ৷ ফলত নিয়মীয়াকৈ পাঠদান নোহোৱাত বহু সমস্যাৰ সম্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷

শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ-ছাত্ৰী

শিক্ষক-শিক্ষয়িত্ৰীসকল পাঠদানৰ পৰা বিৰত থকাত পাঠক্ৰম সম্পূৰ্ণ নোহোৱাৰ আশংকাত দু:শ্চিন্তাত ভুগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷ ইফালে আগন্তুক জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰসকল ৷

তদুপৰি, প্ৰজেক্টকে ধৰি পৰীক্ষাগাৰ আদিৰ পাঠক্ৰম সম্পূৰ্ণ হ'বলৈ এতিয়াও বহু বাকী থকাত বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷ ফলত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পাঠদান নিয়মীয়া কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ শিক্ষামন্ত্ৰীক দাবী জনাইছে ৷ লগতে আন্দোলন কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সমস্যাসমূহো অতি শীঘ্ৰে সমাধান কৰিবলৈ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে দাবী জনায় ৷

লগতে পঢ়ক : Khelo India Youth Games ৰ পদক বিজয়ীক হোজাইত বিপুল আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.