ETV Bharat / bharat

Rahul reaches ED office: তৃতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

author img

By

Published : Jun 15, 2022, 1:43 PM IST

নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত (National Herald money laundering case) তৃতীয় দিনাও কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জেৰা চলাব EDৰ বিষয়াসকলে । কাৰ্যালয়টোৰ চাৰিওফালে 144 ধাৰা জাৰি কৰাৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ দল মোতায়েন কৰা হৈছে ৷

Rahul reaches ED office: Day 3 of grilling
Rahul reaches ED office: Day 3 of grilling

নেশ্যনেল ডেস্ক, 15 জুন : বুধাবাৰেও কংগ্ৰেছ নেতা ৰাহুল গান্ধী EDৰ সন্মুখত হাজিৰ হৈছে (Rahul arrives at ED office) । নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত (National Herald money laundering case) তৃতীয় দিনাও কংগ্ৰেছ নেতাগৰাকীক জেৰা চলাব EDৰ বিষয়াসকলে । "Z+" শ্ৰেণীৰ চিআৰপিএফ নিৰাপত্তাৰক্ষীসহ ভগ্নী কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ সৈতে দিল্লীৰ এ পি জে আব্দুল কালাম ৰোডত থকা EDৰ মুখ্য কাৰ্যালয়ত পুৱা 11.35 বজাত উপস্থিত হয় নেতাগৰাকী (Rahul arrives at ED office)।

মঙলবাৰে 11 ঘণ্টাতকৈও অধিক সময় সোধা-পোছা কৰাৰ নিশা 11:30 বজাত ED কাৰ্যালয়ৰ পৰা ওলাই যায় । কাৰ্যালয়টোৰ চাৰিওফালে 144 ধাৰা জাৰি কৰাৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ দল মোতায়েন কৰা হৈছে ৷ ইফালে সোমবাৰে প্ৰায় 10 ঘণ্টাৰো অধিক সময় ৰাহুল গান্ধীক EDৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছিল (Rahul Gandhi interrogated at ED office)। য'ত তেওঁক পুঁজি অপব্যৱহাৰ গোচৰৰ লগতে বিভিন্ন বিষয়ত প্ৰশ্ন কৰা হৈছিল ৷

সংস্থাৰ সূত্ৰই জনোৱা গান্ধীয়ে ইতিমধ্যে গোচৰ সম্পৰ্কত তেওঁৰ ভাষ্য প্ৰদান কৰিছে আৰু ইয়াৰ প্ৰতিলিপি সূক্ষ্মভাৱে পৰীক্ষা কৰা হৈছে । আনহাতে EDৰ এই জেৰাক লৈ সন্তুষ্ট নহয় কংগ্ৰেছ নেতাসকল । কংগ্ৰেছ নেতাসকলে অভিযোগ কৰা মতে অনুসন্ধানকাৰীসকলে তেওঁক জেৰাৰ সময়ত একাধিকবাৰ বিৰতি লৈছিল ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ মাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীকো জেৰা চলাব EDয়ে । ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে কংগ্ৰেছ নেত্ৰীগৰাকী বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে । অহা ২৩ জুনত ছোনিয়া গান্ধীকো EDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে ।

লগতে চাওক : Rahul appearsbefore ED : দ্বিতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.