Dima Hasao Flood: ভয়ংকৰ বানে উটুৱাই লৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Jun 15, 2022, 4:29 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

বিগত তিনিদিনৰ ধৰি নেৰানেপেৰাকৈ দিয়া বৰষুণৰ ফলত পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হৈছে ডিমা হাছাও জিলাত (Massive flood in Dima Hasao)। ভূমিস্খলন আৰু বানৰ তাণ্ডৱে পুনৰ ক্ষতিসাধন কৰিছে জিলাখনৰ বহু পৰিয়ালৰ (Landslide in Dima Hasao)। পাহাৰীয়া জিলাখনৰ বহু ঠাই ভূমিস্খলন আৰু বানৰ কৱলত পৰি বন্ধ হৈ পৰিছে যাতায়াত । গাঁও অঞ্চলত যোৱা নিশা বহু লোকৰ ঘৰ বিধস্ত হোৱাৰ খবৰ লাভ কৰা গৈছে । আতংকিত হৈ বহুতে নিজৰ ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছেগৈ ৷ অন্যহাতে ভূমিস্খলন আৰু বানৰ কবলত পৰি গুৱাহাটী-হাফলং সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ(Haflong Guwhati highway) আৰু হাফলং-শিলচৰ সংযোগী ঘাইপথটোও বন্ধ হৈ পৰিছে (Haflong Silchar highway)। গুৱাহাটী-হাফলং 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল অঞ্চলত এটা এছ কাৰ্ভ বিধস্ত হৈ পৰিছে । এই এছ কাৰ্ভটোত এখন ট্ৰেভেলাৰ বাহন আৱদ্ধ হৈ পৰাৰ ফলত কথমপি ৰক্ষা পৰিলে বাহনখনৰ যাত্ৰীসকল ৷ অতি বিপদ সংকুলভাৱে ট্ৰেভেলাৰখনৰ যাত্ৰীসকলে নিজৰ প্ৰাণ বচোৱাৰ আশ্ৰয় লয়গৈ সমীপৰ পাহাৰৰ টিলাত ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.