অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বাবে হায়ৰাণ ৰাইজ

By

Published : Jun 15, 2022, 4:27 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

অসম গ্ৰামীণ বিকাশ বেংকৰ বাবে হাৰাশাস্তি ভূগিছে নগাঁৱৰ কলিয়াবৰৰ ৰাইজে (People of Kaliabor have suffered harassment for AGVB)। লিংক নথকাৰ অজুহাতেৰে দীৰ্ঘদিন ধৰি গ্ৰাহকৰ বিত্তীয় লেন-দেন বন্ধ ৰাখিছে কলিয়াবৰৰ কুঠৰীৰ অসম গ্ৰামীণ বিকাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰই । যাৰ বাবে গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । লক্ষণীয়ভাৱে বৃহত্তৰ কুঠৰী অঞ্চলত বৰ্তমানেও নাই এটা বেংক (Poor bank service in Kaliabor)। যাৰ ফলত কুঠৰীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ বাট জখলাবন্ধালৈ আহিব লগা হয় গ্ৰাহকসকল । আনহাতে কুঠৰীত থকা একমাত্ৰ গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰো লিংক নথকাত এতিয়া বিপদৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.