ETV Bharat / state

ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি: আৰক্ষীসহ আহত কেইবাগৰাকী প্ৰতিবাদকাৰী

author img

By

Published : Jun 15, 2022, 4:18 PM IST

বুধবাৰে প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ ৰাজীৱ ভৱন (APCC protest at Guwahati Rajiv Bhawan) ৷ শাসনাধিস্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ প্ৰতিবাদত বহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল ৷ এই প্ৰতিবাদত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ ফলত দিছপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ লগতে কেইবাজনো প্ৰতিবাদকাৰী আহত হয় ৷

APCC protest at Guwahati Rajiv Bhawan
ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি; আৰক্ষীসহ আহত কেইবাগৰাকী প্ৰতিবাদকাৰী

গুৱাহাটী, 15 জুন : মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা (Artificial flood in Guwahati) সমাধানত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৷ যাৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা বিষয়ববীয়াসকলে (APCC protest at Guwahati Rajiv Bhawan)৷

এই প্ৰতিবাদস্থলীতেই প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত সৃষ্টি হয় হতাহতিৰ । প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই জনাই যে আৰক্ষীয়ে প্ৰতিবাদ বন্ধ কৰাৰ বাবে ৰাজীৱ ভৱনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰি প্ৰথমে প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰে । প্ৰতিবাদকাৰী দলটোক বলেৰে আৰক্ষীয়ে বাধা প্ৰদান কৰাত সভাপতি ভূপেন কুমাৰ বৰাই বাহুত আঘাত পায় ।

ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি; আৰক্ষীসহ আহত কেইবাগৰাকী প্ৰতিবাদকাৰী

লগতে তেওঁ কয় যে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বুকুত, ৰাণা গোস্বামী আৰু বিধায়ক আব্দুল ৰছিদ মণ্ডলে ভৰিত, ৰাতুল কলিতাই বুকু আৰু পিঠিত, ক্ৰিদীপ বৰ্মন, দ্বীপ বায়ন, ৰেহান উদ্দীন আহমেদে দেহৰ বহু ঠাইত আঘাতপ্ৰাপ্ত হয় । আনকি বৰ্ণালী ফুকন, গিতালি দাস, জিন্টু হাজৰিকা, কংকন দাস, ৰূপা দেউৰী, বালিকা পেগুও পুলিচৰ টনা-আজোৰাত আঘাতপ্ৰাপ্ত হয় বুলি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষগৰাকীয়ে সদৰি কৰে ।

ইপিনে একাংশ কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ দলটোক নেতৃত্ব দিয়া দিছপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাসক মূৰত আঘাত কৰে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষী বিষয়াগৰাকী ৷ আনহাতে, তথ্য অনুসৰি, দিছপুৰ আৰক্ষীয়ে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰি বাছত উঠাই লৈ যায় বশিষ্ঠ থানালৈ ৷ তথাপিও শান্ত হোৱা নাই ৰাজীৱ ভৱনৰ সামগ্ৰিক পৰিৱেশ ৷ যাৰ বাবে বৰ্তমানেও আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে ৰাজীৱ ভৱনৰ চৌহদ ।

লগতে পঢ়ক : বানৰ পৰিস্থিতিৰ বুজ লৈ মহানগৰীৰ ৰাজপথত সৰৱ ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.