ETV Bharat / entertainment

দিলীপ কুমাৰৰ বাবে বঁটা গ্ৰহণ কৰি উচুপি উঠিল চাইৰা বানু

author img

By

Published : Jun 15, 2022, 4:51 PM IST

হিন্দী চিনেমা জগতৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰ যদিও আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ অভিনয়শৈলী অনুৰাগীসকলৰ হৃদয়ত সদায় জীয়াই আছে আৰু থাকিব । এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত চাইৰা বানুৱে স্বামী দিলীপ চাহাবৰ বাবে বঁটা গ্ৰহণ কৰি আৱেগিক হৈ হুকহুকাই কান্দি উঠিল ৷

Saira Banu
দিলীপ কুমাৰৰ বাবে বঁটা গ্ৰহণ কৰি উচুপি উঠিল চাইৰা বানু

চিটাৰা ডেস্ক, 15 জুন : দিলীপ কুমাৰ নামেই যাৰ পৰিচয়, হিন্দী চিনেমাৰ এনে এজন প্ৰবীণ অভিনেতা যি শাৰিৰীকভাৱে আমাৰ মাজত নাই যদিও চিৰপ্ৰবাহমান আমাৰ মনৰ মাজত । ২০২১ চনৰ জুলাই মাহত দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজি ৯৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে তেওঁ (Dilip kumar death) । দিলীপ চাহাবৰ প্ৰস্থান হিন্দী ছবি জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেওঁৰ মৃত্যুৰ দুখ তেওঁৰ অনুৰাগীসকলৰ চকুত স্পষ্টভাৱে দেখা গৈছিল ।

চাইৰা বানুৱে শেষ মুহূৰ্তত দিলীপ চাহাবৰ যথেষ্ট যত্ন লৈছিল । দিলীপ চাহাবৰ মৃত্যুৰ পিছত একেবাৰে অকলশৰীয়া হৈ পৰিছিল চাইৰা বানু । এতিয়া সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দিলীপ কুমাৰক স্মৰণ কৰি উচুপি উঠিছে চাইৰা বানু ৷ দৰাচলতে, চাইৰাই 'ট্ৰেজেডী কিং' দিলীপ চাহাবৰ বাবে বঁটা সংগ্ৰহ কৰিবলৈ গৈ আৱেগিক হৈ পৰে ।

চাইৰা বানুৱে স্বৰ্গীয় স্বামী দিলীপ চাহাবৰ নামত ভাৰত ৰত্ন ড০ আম্বেদকাৰ বঁটা গ্ৰহণ কৰিবলৈ গৈছিল । এই বঁটা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে তেওঁক প্ৰদান কৰে (Dilip Kumar awards won) । অনুষ্ঠানৰ মাজ মজিয়াতে স্বামী দিলীপ কুমাৰ স্মৰণ কৰি আৱেগিক হৈ পৰা চাইৰা বানুৱে ধৰি ৰাখিব নোৱাৰিলে চকুপানী ৷ চাওক ভিডিঅ’টো-

চাইৰা বানুক এই পৰিস্থিতিত দেখি অনুৰাগীসকলো আৱেগিক হৈ পৰে ৷ সকলোৱে তেওঁক সান্ত্বনা দিবলৈ যত্ন কৰে । ভিডিঅ'টোত চাইৰা বানুক কান্দি থকা দেখি এজন অনুৰাগীয়ে লিখে, 'আজিৰ সময়ত এনে প্ৰেম বিচাৰি পোৱাটো কঠিন'। আন এজন অনুৰাগীয়ে লিখিছে, 'দিলীপ চাহাবে নিশ্চয় চাই আছে' ৷

লগতে পঢ়ক: AR Rahman news:এ আৰ ৰহমানে শ্বেয়াৰ কৰিলে জীয়েক খাতিজাৰ বিয়াৰ ভিডিঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.