ETV Bharat / bharat

যৌতুকজনিত অত্যাচাৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা আদালতৰ

author img

By

Published : Jun 15, 2022, 2:11 PM IST

যৌতুকজনিত অত্যাচাৰ (Dowry Harassment case) সন্দৰ্ভত গোচৰ ৰুজু হ'লেও দুমাহলৈ কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে । যৌতুক উৎপীড়ন আইন সন্দৰ্ভত বিশেষ নিৰ্দেশনা দিলে আদালতে । এই ক্ষেত্ৰত পৰিয়াল কল্যাণ সমিতিৰ দায়িত্ব সন্দৰ্ভত কি ক'লে আদালতে ? পঢ়ক সবিশেষ...

allahabad
যৌতুক উৎপীড়ন ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা আদালতৰ

নেশ্যনেল ডেস্ক, ১৫ জুন : দেশত প্ৰায় প্ৰতিদিনে যৌতুক দাবীৰ দৰে ঘটনা সংঘটিত হৈ আহিছে (Dowry Harassment case)। এইবাৰ এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা (Allahabad High court order on Dowry Harassment case)। যৌতুক উৎপীড়ন আইনৰ ধাৰা ৪৯৮ A ৰ অধীনত গোচৰ ৰুজু হ'লেও এই সন্দৰ্ভত দুমাহলৈ কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ।

সেই সময়চোৱাত পৰিয়াল কল্যাণ সমিতিয়ে বিষয়টো বিবেচনা কৰিব আৰু ইয়াৰ প্ৰতিবেদন দাখিল কৰিব । যৌতুক উৎপীড়ন আইনৰ ধাৰা ৪৯৮(A)ৰ অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ে । এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাহুল চতুৰ্বেদীয়ে কয় যে, আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰা তাৰিখৰ পৰা দুমাহৰ ভিতৰত কোনো বলপূৰ্বক ব্যৱস্থা লোৱা উচিত নহয় ।

ন্যায়ালয়ে লগতে কয় যে, দুমাহৰ এই সময়ছোৱাত পাৰিবাৰিক বিবাদ সমাধানৰ বাবেও প্ৰচেষ্টা কৰা উচিত । গোচৰটো পঞ্জীয়ন হোৱাৰ লগে লগে পৰিয়াল কল্যাণ সমিতি প্ৰেৰণ কৰিব লাগে । সমিতিখনে এটা বিতং প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু আৰক্ষী আৰু দণ্ডাধীশৰ ওচৰত দাখিল কৰিব । ইফালে উচ্চ ন্যায়ালয়ে সমিতিখনক সকাহ প্ৰদান কৰি কয় যে, সমিতিৰ কোনো সদস্যক গোচৰটোৰ সাক্ষী হিচাপে মাতি অনা নহ'ব ।

লগতে পঢ়ক :কাশ্মীৰত কাক বিচাৰি ফুৰিছে NIA ই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.