ETV Bharat / city

ভাৰতীয় সেনাত আৰম্ভ 'মিছন অগ্নিপথ'

author img

By

Published : Jun 15, 2022, 3:14 PM IST

কেন্দ্ৰীয় চৰকাৰে সেনাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক সাল-সলনি কৰি 'মিছন অগ্নিপথ' নামৰ এখন নতুন আঁচনি ঘোষণা কৰিছে । আঁচনিখনৰ অধীনত নিযুক্তি পোৱাসকলক প্ৰথম বছৰত ৪.৭৬ লাখ টকাৰ বাৰ্ষিক বেতন দিয়া হ'ব । চাকৰিৰ অন্তিম বৰ্ষত তেওঁলোকে বছৰি ৬.৯২ লাখ টকাৰ বেতন পাব । কিন্তু তেওঁলোকে নাপাব কোনো পেন্সন ।

ভাৰতীয় সেনাত আৰম্ভ 'মিছন অগ্নিপথ'
ভাৰতীয় সেনাত আৰম্ভ 'মিছন অগ্নিপথ'

গুৱাহাটী, ১৫জুন: সেনা বাহিনীত ভৰ্তি হ'ব খোজাসকলক ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ভাৰতীয় যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে এক আকৰ্ষণীয় নিযুক্তি আঁচনিত অনুমোদন জনাইছে । কেন্দ্ৰীয় চৰকাৰে সেনাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক সাল-সলনি কৰি 'মিছন অগ্নিপথ' নামৰ এখন নতুন আঁচনি ঘোষণা কৰে (Indian army start Mission Agnipath) ।

আঁচনিখনৰ অধীনত দেশসেৱা কৰিব খোজা যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে সেনাত নিযুক্তি দিয়া হ'ব । এনেদৰে নিযুক্তি পোৱাসকলক ‘অগ্নিবীৰ' আৰু ‘অগ্নিবীৰাংগনা' হিচাপে অভিহিত কৰা হ'ব । দশম আৰু দ্বাদশ শ্ৰেণী উত্তীর্ণ ১৭ বছৰৰপৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলে অগ্নিপথ আঁচনিৰ জৰিয়তে সেনাত নিযুক্তিৰ সুযোগ পাব ।

আঁচনিখনৰ অধীনত নিযুক্তি পোৱাসকলক প্ৰথম বছৰত ৪.৭৬ লাখ টকাৰ বাৰ্ষিক বেতন দিয়া হ'ব । চাকৰিৰ অন্তিম বৰ্ষত তেওঁলোকে বছৰি ৬.৯২ লাখ টকাৰ বেতন পাব । কিন্তু তেওঁলোকে নাপাব কোনো পেন্সন । চাকৰিৰ ম্যাদ শেষ হোৱাৰ পাছত তেওঁলোকে ১১.৭১ লাখ টকাৰ ‘সেৱা নিধি' লাভ কৰিব । চাকৰি কালত তেওঁলোকে ৪৮ লাখ টকাৰ বীমা সুৰক্ষাও লাভ কৰিব । ‘অগ্নিপথ' আঁচনিৰ অধীনত ৪৬ হেজাৰ যুৱক যুৱতীক সেনাত নিযুক্তিৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে (46 thousand soldiers will be recruited under Mission Agnipath) ।

লগতে পঢ়ক: Sidhu Moose Wala murder case : মোহালীৰ CIA staff কাৰ্যালয়ত জেৰা চলোৱা হ'ব গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.