ETV Bharat / state

বানত প্লাৱিত বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল: আই নদীত জাহ গ’ল বাসগৃহ

author img

By

Published : Jun 15, 2022, 4:26 PM IST

ৰাজ্যৰ ভিন্ন স্থানত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে বহু কেইটা অঞ্চল ৷ কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ আই নদীয়ে ৷ যমৰ যাতনা ভুগিছে উত্তৰ অভয়াপুৰীৰ অৰ্ধ শতাধিক ৰাজহ গাঁৱৰ ৰাইজে (Flood in Bongaigaon due to heavy rainfall) ৷

Flood in Bongaigaon due to heavy rainfall
বানত প্লাৱিত বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল

বঙাইগাঁও, 15 জুন : কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হৈ পৰিছে ৰাজ্যৰ ভিন্ন অঞ্চল(Flood in Assam)। বঙাইগাঁও জিলাৰ আই নৈৰ বুকুত ঘৰ-বাৰী হেৰুৱাই এতিয়া অঘৰীৰ দৰেই বসবাস কৰিছে এখন গাঁৱৰ ৰাইজে(Flood in Bongaigaon due to heavy rainfall) । উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং বাশবাৰী আৰু টেণ্ডনপুৰ গাঁও দুখন বিগত এবছৰ ধৰি আই নৈৰ গৰাখহনীয়াই উটুৱাই নিয়ে । ঘৰ-বাৰী হেৰুৱাই বাশবাৰী কালি মন্দিৰৰ সন্মুখত শিবিৰ পাতি বসবাস কৰি আছে ২০ টাতকৈও অধিক পৰিয়াল(Flood in Bongaigaon) ।

বানত প্লাৱিত বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল: আই নদীত জাহ গ’ল বাসগৃহ

বিগত কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে । ঘৰৰ ভিতৰত সোমাইছে একঁকাল পৰ্যন্ত পানী । কোনোবাই যদি এসাঁজ খাইছে তেনেহ'লে আন কোনোবাই আকৌ অনাহাৰে থাকিব দিন কটাবলগীয়া হৈছে । বিদ্যুৎ নথকাৰ বাবেই কেৰাচিনৰ চাকিটোৱেই এই লোকসকলৰ একমাত্ৰ ভৰসা হৈ পৰিছে । ইমানৰ পিচতো এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ শীঘ্ৰেই এই পৰিস্থিতি সমাধান নকৰিলে এই লোকসকলৰ জীৱনলৈ নামি আহিব পাৰে চৰম ভাবুকি ৷

নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত প্লাবিত হৈ পৰিছে উত্তৰ অভয়াপুৰীৰ অৰ্ধ শতাধিক ৰাজহ গাঁও ৷ বিগত কেইবাদিন ধৰি অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আই আৰু মানাহ নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত প্লাবিত হৈ পৰিছে উত্তৰ অভয়াপুৰীৰ কেইবাটাও ন ন অঞ্চল । মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত লুংঝাৰ, ১ আৰু ২ নং ধুপুৰী, নোৱাপাৰা, ভাটিপাৰা, পশ্চিম বৰবিলা, খৰিবাৰী, ভাণ্ডাৰা, জামদহা আদি অঞ্চল জলমগ্ন হৈ পৰিছে ।

ইফালে, গেৰুকাবাৰী-জামদহা পথৰো যোগাযোগ বিচ্ছিন্ন হৈ পৰাত সমস্যাত ভূগিছে অঞ্চলসমূহৰ ৰাইজে । মুঠতে বানাক্ৰান্ত লোকসকলৰ মাজত এক প্ৰকাৰে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । পশুধনৰ মাজতো খাদ্য সংকটে দেখা দিছে । সেয়ে বৰ্তমান বানাক্ৰান্ত লোকসকলে জিলা প্ৰশাসনক সহায়ৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক : Floods in Dhubri : কৃত্ৰিম বানৰ কৱলত ধুবুৰী জিলা কাৰাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.