ETV Bharat / city

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Jan 18, 2022, 3:00 PM IST

Top ten news
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

মুখ্যমন্ত্ৰীয়ে ধমক দিয়া ঘটনাৰ তদন্ত ঘোষণা নগাঁও জিলা উপায়ুক্তৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগাঁও জিলা উপায়ুক্তক যান-জঁটৰ বাবে ধমক দিয়া ভিডিঅ’ ভাইৰেল (Himanta Biswa Sarma's viral video)হোৱাৰ পাছতেই এই ঘটনাক লৈ তদন্ত ঘোষণা কৰিছে নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিৱৰেই (Nagaon DC announce inquiry) ।

Cabinet Meeting in Haflong : কেবিনেট বৈঠকৰ বাবে সাজু হাফলং

হাফলঙত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকৰ প্ৰস্তুতি প্ৰায় সম্পন্ন ৷ কেবিনেট বৈঠকৰ বাবে 18 জানুৱাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু 19 জানুৱাৰীৰ 12 ঘণ্টীয়া ডিমা হাছাও বন্ধ কাৰ্যসূচী স্থগিত(12 hour Dima Hasao bandh suspended) ৷

ভূপেন বৰাৰ জিভাৰ গণ্ডগোল আছে : দিলীপ শইকীয়া

"ভূপেন বৰাৰ জিভাৰ গণ্ডগোল আছে সেই বাবে মহামাৰী তথা বেমাৰক লৈ টুলুঙা মন্তব্য দি আছে ৷ ভূপেন বৰাৰ জিভা পাতল, কিয়নো যিটো সময়ত সাধাৰণ লোকে ক'ভিডৰ পৰা বাছি থাকিবলৈ দুপালি ভেকচিন গ্ৰহণ কৰিছে, বিভিন্ন সাৱধানতা অৱলম্বন কৰিছে (People take Covid precautions) তেনে সময়ত ভূপেন বৰাৰ মন্তব্যই কেৱল সকলোকে বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে ৷" কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত আল্টা গাঁৱৰ বিষ্ণু মন্দিৰৰ মণিকূটৰ আধাৰশিলা(Dilip Saikia at Kamalpur) স্থাপন কৰি কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ।

Anti drugs operation by Assam police: ৰাজ্যৰ কেইবাটাও স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ড্ৰাগছৰ বিৰুদ্ধে অব্যহত থকা আৰক্ষীৰ তৎপৰতাৰ (Assam police against drugs smuggling)পাচতো কিন্তু একাংশই এই সমূহ কাৰোবাৰ অব্যাহত ৰাখিছে ৷ সোমবাৰে ৰাজ্যজুৰি আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হয় ৷ কেইবাটাও স্থানৰ পৰা আৰক্ষীয়ে ড্ৰাগছ-গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰিলে কেইবাজনো লোকক ৷

লখিমপুৰত ডকাইতে লুটি নিলে মুকুতাসহ নগদ ধন

সোমবাৰে লখিমপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Robbery case at Lakhimpur) ৷ এগৰাকী মুকুতা ব্যৱসায়ীৰ ঘৰৰ পৰা নগদ প্ৰায় 2 লাখ 50 হাজাৰ টকাসহ বহু লাখ টকাৰ মুকুতা লুটি লৈ যায় ডকাইতৰ দলে (Cash with pearls looted in Lakhimpur) ৷

অসমৰ ২০ জিলাৰ পানীত পোৱা গৈছে মাৰাত্মক আৰ্ছেনিক আৰু ফ্ল'ৰাইড

ৰাজ্যৰ খোৱাপানীত পোৱা গৈছে প্ৰাণঘাতী আৰ্ছেনিক আৰু ফ্ল’ৰাইড (Arsenic and fluoride found in Assam waters)। ৰাজ্যৰ ৩৩ খন জিলাৰ ২০ খন জিলাৰ ভূ-গৰ্ভস্থ পানীতে মাত্ৰাধিক আৰ্ছেনিক আৰু ফ্ল'ৰাইড পোৱা গৈছে ।

২৬ জানুৱাৰীৰ পূৰ্বে বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা

বৰপেটাৰ বিভিন্ন অঞ্চলত No Drone Flying Zone ঘোষণা বৰপেটাৰ জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালৰ (No Drone Flying Zone at Barpeta) ৷ সোমবাৰৰ পৰা আগন্তুক গণৰাজ্য দিৱসলৈ নিৰপত্তাজনিত কাৰণত সেনা চাউনীৰ ওচৰে-পাজৰে ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে উপায়ুক্তগৰাকীয়ে (DC bans on operating drons in Barpeta ) ৷

বাঘৰ বাবে অনুষ্ঠিত কৰিলে এখন সভা; ক’ত কোনে ?

বাঘৰ মুক্ত বিচৰণে বিহালীৰ বিভিন্ন অঞ্চলসমূহত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বাঘৰ আক্ৰমণত মৃত্যু হৈছে শতাধিক গৰু-ম’হৰ (Tiger attack at Behali) ৷ বিনিদ্ৰ ৰজনী কটাইছে গাঁওবাসীয়ে ৷ যাৰফলত সোমবাৰে দক্ষিণ ৰাংছালী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ ৰাংছালী আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় (Public in Behali held conference on tiger menace) ৷

ধুতী-গেঞ্জী পিন্ধি খেলপথাৰত নামিল পঞ্চাশৰ উৰ্ধৰ খেলুৱৈ

তী গেঞ্জী পিন্ধি এইবাৰ খেলপথাৰত নামিল পঞ্চাশৰ উৰ্ধৰ খেলুৱৈ(Players above fifty on the field) ৷ সোণাৰিৰ নাফুকত মাঘ বিহু উপলক্ষে অনুষ্ঠিত হোৱা ভোগালীৰ খেল-ধেমালি অনুষ্ঠানত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ (Unique football competition held in Sonari)।

Mob lynching in Jorhat : অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

যোৰহাটৰ আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ কেচ ডায়েৰী আৰু ৩৩৯ পৃষ্ঠাৰ চাৰ্জশ্বীট সোমবাৰে দাখিল কৰিলে যোৰহাট আৰক্ষীয়ে (jorhat police file charge sheet for animesh bhuyan murder case) ৷ যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ডত এদল লোকে ছাত্ৰ নেতা অনিমেশ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল (Mob lynching in Jorhat) ৷ এই ঘটনাৰ ৫০ দিন উকলাৰ পিছত সোমবাৰে আৰক্ষীয়ে দাখিল কৰে চাৰ্জশ্বীট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.