ETV Bharat / state

২৬ জানুৱাৰীৰ পূৰ্বে বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা

author img

By

Published : Jan 18, 2022, 12:16 PM IST

বৰপেটাৰ বিভিন্ন অঞ্চলত No Drone Flying Zone ঘোষণা বৰপেটাৰ জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালৰ (No Drone Flying Zone at Barpeta) ৷ সোমবাৰৰ পৰা আগন্তুক গণৰাজ্য দিৱসলৈ নিৰপত্তাজনিত কাৰণত সেনা চাউনীৰ ওচৰে-পাজৰে ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে উপায়ুক্তগৰাকীয়ে (DC bans on operating drons in Barpeta ) ৷

dc-bans-on-operating-drons-till-republic-day-in-barpeta-district
২৬ জানুৱাৰীৰ পূৰ্বে বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰোৱাত নিষেধাজ্ঞা

বৰপেটা, 18 জানুৱাৰী : 26 জানুৱাৰীৰ পূৰ্বে বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিলে বৰপেটাৰ জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷ জিলাখনৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে এক নিৰ্দেশনাযোগে জিলাখনৰ বৰপেটা, বৰপেটা ৰোড আৰু সৰভোগৰ নিৰ্দিষ্ট অঞ্চলক No Drone Flying Zone ঘোষণা কৰে (No Drone Flying Zone at Barpeta) ৷

উগ্ৰপন্থী অথবা কোনো অসামাজিক গোটৰ দ্বাৰা বৰপেটা জিলাত সামাজিক শান্তি ভংগ অথবা কূটাঘাটৰ আশংকাতে এনেদৰে বৰপেটা জিলাৰ বিশেষ কিছুমান অঞ্চলত সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 'No Drone Flying Zone' ঘোষণা কৰিছে জিলা উপায়ুক্তই (DC bans on operating drons in Barpeta) ৷ বিশেষকৈ বৰপেটা থানাৰ অধীনত থকা CRPF ৰ দশম বেটেলিয়ন কেম্পৰ (10th battalion of CRPF) ওচৰে পাজৰে ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে উপায়ুক্তগৰাকীয়ে ৷

dc-bans-on-operating-drons-till-republic-day-in-barpeta-district
২৬ জানুৱাৰীৰ পূৰ্বে বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰোৱাত নিষেধাজ্ঞা

একেদৰে সৰভোগ থানাৰ দশম বেটেলিয়ন কেম্পৰ ওচৰ-পাজৰৰ অঞ্চলকো 'No Drone Flying Zone' ঘোষণা কৰা হৈছে ৷ লগতে বৰপেটা ৰোড থানাৰ অধীনস্থ বৰপেটা ৰোড পাট বজাৰ অঞ্চলৰ দশম বেটেলিয়ন কেম্পৰ চাৰিওদিশৰ অঞ্চলটোকো 'No Drone Flying Zone' ঘোষণা কৰিছে জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷

আগন্তুক গণৰাজ্য দিৱসৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই কথা নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্তগৰাকীয়ে ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ পৰা লাভ কৰা পত্ৰৰ পিচতেই এই নিৰ্দেশনা জাৰি কৰে উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক : Mob lynching in Jorhat : অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.