ETV Bharat / state

লখিমপুৰত ডকাইতে লুটি নিলে মুকুতাসহ নগদ ধন

author img

By

Published : Jan 18, 2022, 10:10 AM IST

robbery-case-at-lakhimpur
লখিমপুৰত ডকাইতে লুটি নিলে মুকুতাসহ নগদ ধন

সোমবাৰে লখিমপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Robbery case at Lakhimpur) ৷ এগৰাকী মুকুতা ব্যৱসায়ীৰ ঘৰৰ পৰা নগদ প্ৰায় 2 লাখ 50 হাজাৰ টকাসহ বহু লাখ টকাৰ মুকুতা লুটি লৈ যায় ডকাইতৰ দলে (Cash with pearls looted in Lakhimpur) ৷

লখিমপুৰ, 18 জানুৱাৰী : লখিমপুৰত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ আৰক্ষীৰ চোকা পহৰাৰ মাজতে লখিমপুৰ চহৰৰ মাজ মজিয়াত সংঘটিত হয় এই ডকাইতি কাণ্ড (Robbery case at Lakhimpur) ৷ সোমবাৰে নিশা লখিমপুৰৰ কে বি ৰোডৰ বাসিন্দা জাকিৰ হুছেইন নামৰ ব্যৱসায়ীজনৰ ঘৰত চাৰিজন বন্দুকধাৰী ডকাইত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই হাত ভৰি বান্ধি নগদ প্ৰায় 2 লাখ 50 হাজাৰ টকাসহ বহু লাখ টকাৰ মুকুতা লুটি লৈ যায় (Cash with pearls looted in Lakhimpur)৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে ৷ জাকিৰ হুছেইন পেছাত এজন মুকুতাৰ ব্যৱসায়ী ৷ জানিব পৰা মতে, সোমবাৰে দুপৰীয়াভাগত এজন যুৱক মুকুতা ব্যৱসায়ীজনৰ দোকানত উপস্থিত হৈ এই ঘটনা সন্দৰ্ভত আগতীয়াকৈ সৰ্তক কৰি থৈ গৈছিল ৷ আৰক্ষীৰ নিছিদ্ৰ পহৰাৰ মাজতে লখিমপুৰ নগৰৰ মাজমজিয়াত পিষ্টল লৈ কি দৰে ডকাইতিৰ কাণ্ড সংঘটিত কৰিবলৈ পালে ই এক ৰহস্যৰময় ঘটনা হৈ পৰিছে । এই ঘটনা সংঘটিত হোৱাৰ পাচতে শংকিত হৈ পৰিছে লখিমপুৰৰ সাধাৰণ ৰাইজ ৷

লখিমপুৰত ডকাইতে লুটি নিলে মুকুতাসহ নগদ ধন

ইতিমধ্য এই ঘটনা সংক্ৰান্তত থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ী গৰাকীয়ে ৷ দেখা গৈছে যে, শেহতীয়াকৈ অসম আৰক্ষী অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে (Assam Police against Crime) যদিও তাৰ মাজতেই এচামে সুযোগ লৈ এইদৰে অপৰাধ সংঘটিত কৰি গৈছে ৷

লগতে পঢ়ক : Project Sadbhawna : ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চৰকাৰৰ সদ্ভাৱনা প্ৰকল্পৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.