ETV Bharat / city

মুখ্যমন্ত্ৰীয়ে ধমক দিয়া ঘটনাৰ তদন্ত ঘোষণা নগাঁও জিলা উপায়ুক্তৰ

author img

By

Published : Jan 18, 2022, 1:44 PM IST

nagaon-dc-orders-probe-on-traffic-congestion-at-nh-during-cm-visit
মুখ্যমন্ত্ৰীয়ে ধমক দিয়া ঘটনাৰ তদন্ত ঘোষণা নগাঁও জিলা উপায়ুক্তৰ

শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ জিলা উপায়ুক্তক ধমক দিয়াৰ পাচতই তদন্ত ঘোষণা কৰিছে উপায়ুক্তগৰাকীয়ে (Nagaon DC orders probe on traffic congestion) ৷

নগাঁও, 18 জানুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগাঁও জিলা উপায়ুক্তক যান-জঁটৰ বাবে ধমক দিয়া ভিডিঅ’ ভাইৰেল (Himanta Biswa Sarma's viral video)হোৱাৰ পাছতেই এই ঘটনাক লৈ তদন্ত ঘোষণা কৰিছে নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিৱৰেই (Nagaon DC announce inquiry) । আচলতে ৰাজপথত কিমান সময় আৱদ্ধ হৈ আছিল বাহনসমূহ আৰু কাৰ ভুলৰ বাবে ৰাজপথত বাহনসমূহ আৱদ্ধ হৈ আছিল ? এই আটাইবোৰ কথা পোহৰলৈ আনিবলৈ এই তদন্তৰ আহ্বান জনাইছে নগাঁৱৰ উপায়ুক্তগৰাকীয়ে (Nagaon DC orders probe on traffic congestion) ৷

শনিবাৰে নগাঁৱৰ গোমোঠাগাঁৱত যান-জঁট দেখি খঙত অগ্নিশৰ্মা হৈ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma angry on DC) ই নগাঁও জিলা উপায়ুক্তক ধমক দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নগাঁও ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ গোমোঠা গাঁৱত এটি পথৰ উদ্বোধন কৰিবলৈ যোৱাৰ সময়ত পথত যথেষ্ট যান-জঁট দেখি হতভম্ব হৈ পৰে ৷

লগে লগে জিলা উপায়ুক্তক মাতি যান-জঁটৰ বিষয়ে সোধাত মুখ্যমন্ত্ৰীৰ আগমনৰ বাবেই আৰক্ষী প্ৰশাসনে পথটোৰে যাতায়ত প্ৰায় 20 মিনিট সময় ৰখাই থৈছিল বুলি জানিব পাৰে ৷ লগে লগে ’’ইয়ে ক্যা নাটক হ্যে ?'' বুলি ধমক দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta scools Nagaon DC) ।

ইফালে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তক ধমক দিয়া ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । এই ভিডিঅ’ সামাজিক মাধ্যমত ৰাজ্যজুৰি আৰম্ভ হয় ব্যাপক চৰ্চা ৷ ইয়াৰ মাজতেই জিলা উপায়ুক্ত এগৰাকীক ৰাজহুৱা স্থানত ধমক দিয়া ঘটনাক বহুতেই গৰিহণা দিছে । আন একাংশই আকৌ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যক সমৰ্থন কৰিছে ।

এই ঘটনাৰ পাচতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্থিতি স্পষ্ট কৰি ‘জনসাধাৰণৰ অসুবিধাৰ সৃষ্টি হ'লে তেনে ঘটনাৰ বাবে কেৰাণীৰ পৰা SP, DC লৈ সকলোৱে জবাবদিহি হ'ব লাগিব’ বুলি মন্তব্য প্ৰকাশ কৰে ৷ এই ঘটনাৰ পৰৱৰ্তী অনুক্ৰম কি হয় সেয়া তদন্তৰ অন্ততহে জানিব পৰা যাব ৷

লগতে পঢ়ক : Anti drugs operation by Assam police: ৰাজ্যৰ কেইবাটাও স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.