ETV Bharat / state

Anti drugs operation by Assam police: ৰাজ্যৰ কেইবাটাও স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

author img

By

Published : Jan 18, 2022, 10:11 AM IST

Anti drugs operation by Assam police
Anti drugs operation by Assam police

ড্ৰাগছৰ বিৰুদ্ধে অব্যহত থকা আৰক্ষীৰ তৎপৰতাৰ (Assam police against drugs smuggling)পাচতো কিন্তু একাংশই এই সমূহ কাৰোবাৰ অব্যাহত ৰাখিছে ৷ সোমবাৰে ৰাজ্যজুৰি আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হয় ৷ কেইবাটাও স্থানৰ পৰা আৰক্ষীয়ে ড্ৰাগছ-গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰিলে কেইবাজনো লোকক ৷

নিউজ ডেস্ক, 18 জানুৱাৰী : অসমত আৰক্ষীৰ শেহতীয়া সক্ৰিয়তাৰ ফলত পোহৰলৈ আহিছে দীৰ্ঘদিনৰ পৰা থিতাপি লোৱা বিভিন্ন নিষিদ্ধ বেহা, দালালৰাজ আদিৰ তথ্য (Illegal activities in Assam) ৷ ইতিমধ্যে অপৰাধ নাশৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হৈছে ৷ অবাধে চলি থকা এইসমূহ বেহাৰ সৈতে জড়িতসকলৰ বাবে এতিয়া প্ৰত্যাহ্বান সৃষ্টি কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত জালত পৰিছে বিভিন্ন অবৈধ কাৰোবাৰৰ লগত জড়িত থকা লোক ৷ ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে চলা এনকাউন্টাৰত অৰ্ধ শতাধিক ঘূণীয়া হোৱাৰ লগতে কেইবাজনো নিহত হৈছে (Police encounter in Assam) ৷

আৰক্ষীৰ এই তৎপৰতাৰ পাচতো কিন্তু একাংশই এই সমূহ কাৰোবাৰ অব্যাহত ৰাখিছে ৷ সেয়া লাগিলে ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহেই হওক অথবা চুৰি-ডকাইতি কিম্বা দালালী-প্ৰৱঞ্চনায়েই নহওক কিয় ৷ এচামে চেগ চাই এইসমূহ অবৈধ কাৰোবাৰ চলায়েই আছে ৷ ফলত আৰক্ষীও ব্যস্ত হৈ থাকিব লগীয়া হৈছে এইসমূহ কাৰ্য বন্ধ কৰাত ৷ ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহ অব্যাহত থকাৰ মাজতে সোমবাৰে ৰাজ্যজুৰি আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হয় ৷

ৰাজ্যৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহকাৰী আটক কৰাৰ লগতে উদ্ধাৰ কৰিছে নিচাজাতীয় সামগ্ৰী (Police apprehended smuggler with drugs in Assam)৷ লগতে আটক কৰিছে নিচাজাতীয় সমাগ্ৰী সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক ৷ কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে চলোৱা অভিযানত বাগৰিৰ হাৰমতীৰ পৰা কৰায়ত্ব কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক । কৰায়ত্ব কৰা দুজনক আয়ুৱ আলি আৰু ইনতাজ আলি বুলি চিনাক্ত কৰা হৈছে। আটকাধীন দুয়োজনকে জখলাবন্ধা আৰক্ষী নিৱেশত জেৰা অব‍্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে ৷

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত শওপুৰৰ কৰাৰকুৰ বজাৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এজন সৰবৰাহকাৰীক ড্ৰাগছসহ কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কলগাছিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বামুনদংৰা গাঁৱৰ ছাদ্দাম হুছেইন নামৰ যুৱকজনক । সৰবৰাহকাৰী যুৱকজনে প্ৰায় ৬০ গ্ৰাম ব্ৰাউনচুগাৰ আৰু ৮ টা খালী কন্টেইনাৰ স্কুটিৰ হেলমেটত লুকুৱাই ৰাখিছিল যদিও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত সৰবৰাহকাৰী যুৱকজনক হাতে-লোটে ধৰা পেলায় ।

কৰিমগঞ্জৰ নিলামবজাৰতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ ৭.১১ গ্ৰাম ব্ৰাউন চুগাৰ ৷ আটক ক্ৰেতা-বিক্ৰেতা ৷ নিলামবজাৰৰ যাত্ৰাপুৰত বিক্ৰেতা আজহাৰ উদ্দিনৰ পৰা ৭.১১ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ক্ৰেতা চুলতান হুছেইনৰ পৰা ভালেখিনি ড্ৰাগছৰ টেমা জব্দ কৰে আৰক্ষীয়ে ৷ দুয়োকে আটক কৰি লৈ অনাৰ সময়ত ঠাইখনত কিছু লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

ইফালে বঙাইগাঁৱতো আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান । জিলাখনৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কাছাৰপেটীৰ পৰা বৰঘোলা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে । কাছাৰপেটী তৃতীয় খণ্ড গাঁৱৰ আবেদ আলী আৰু সামেজ আলীৰ ঘৰৰ পৰা 3. 9 কিলোগ্ৰাম শুকান আৰু 10 কিলোগ্ৰাম কেঁচা গাঞ্জা জব্দ কৰে । অৱশ্যে গাঞ্জা জব্দ কৰিছে যদিও ইয়াৰ লগত জড়িত কোনো এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

তামুলপুৰৰ কাউলীত নিশা সুৰা বিৰোধী অভিযান কুমাৰীকাটা আৰক্ষীৰ । ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এট আৰক্ষীৰ দলে স্থানীয় গাঁওবুঢ়াৰ সহযোগত আৰম্ভ কৰে এই অভিযান । এই অভিযানত ২ নং পাহাৰপুৰ বজাৰৰ পৰা লিটাৰে লিটাৰে দেশীয় আৰু বিদেশী সুৰা নষ্ট কৰে আৰক্ষীৰ দলটোৱে । ৩০ লিটাৰতকৈও অধিক সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ।

লগতে পঢ়ক : Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.