নাৰায়ণপুৰ প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস পালন - Journalist Parag Kumar Das

By ETV Bharat Assamese Team

Published : May 17, 2024, 10:53 PM IST

thumbnail
পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস পালন (ETV Bharat Assam)

বিহপুৰীয়া, 17 মে’ : জাতীয় শ্বহীদ, নিৰ্ভীক-নিৰপেক্ষ সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৮ সংখ্যক মৃত্যু দিৱস । ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবতো সাহসী সাংবাদিকগৰাকীৰ স্মৃতি দিৱসটি পালন কৰা হয় ।

নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ কাৰ্যালয় পৰাগ কুমাৰ দাস স্মৃতি ভৱনত অনুষ্ঠিত কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট সাংবাদিক হাৰনুল ৰচিদে ।

ইয়াৰ পিচতে জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াৰ সঞ্চালনাত ‘‘সংবাদ মাধ্যম আৰু গণতন্ত্ৰ : বৰ্তমান আৰু ভৱিষ্যত’’ শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় । নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক দিপান্ত কাকতিয়ে আঁতধৰা অনুষ্ঠানটিত লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা অহা সাংবাদিকসকলৰ লগতে কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.