ETV Bharat / state

বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান - Parag Kumar Das Death Anniversary

Death Anniversary of journalist Parag Kumar Das: আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যু দিৱস পালন ৷ গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰদান কৰিলে "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" ।

Death Anniversary of journalist Parag Kumar Das
পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024 at 8:23 PM IST

2 Min Read
Choose ETV Bharat
পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা (ETV BHARAT ASSAM)

গুৱাহাটী, ১৭ মে : "সমাজখন সুস্থ আৰু গতিশীল কৰি ৰখাত সংবাদিকৰ যথেষ্ট গুৰুত্ব আছে । সাংবাদিকতা এক মহান বৃত্তি ।"এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ । গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰদান কৰা "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" গ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে এইদৰে মন্তব্য কৰে ।

বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইয়ে লগতে কয়, "পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই মোক সাংবাদিক হিচাপে স্বীকৃতি দিয়াত আনন্দিত হৈছো । শিক্ষাদান মোৰ প্ৰধান বৃত্তি যদিও তাৰ ফাকে ফাকে বহু কষ্ট কৰি লাঞ্চনা গঞ্জনা, শাৰীৰিক অত্যাচাৰ সহ্য কৰিও ৰাইজক সচেতনতা কৰাৰ চেষ্টা কৰিছো ।"

বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে পুনৰ কয়, "আজিৰ সাংবাদিকতাই যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাত ৰাজনৈতিক শক্তি পুঁজিপতিৰ প্ৰভাৱ পৰিছে ।" তাৰ ফলত বেছিভাগ সংবাদ মাধ্যমে বাক স্বাধীনতা হেৰুৱাইছে বুলি তেওঁ মন্তব্য কৰে । নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৯ সংখ্যক মৃত্যু-বাৰ্ষিকী । এই মৃত্যু-বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত পৰাগ "কুমাৰ দাস সাংবাদিকতা বঁটা " প্ৰদান কৰা হয় ।

এইবাৰ উক্ত বঁটা বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইক প্ৰদান কৰা হয় । এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক,এখন চেলেঙ চাদৰ,নগদ ধন আদি । এই বঁটাটো প্ৰদান কৰে বৰ্ষীয়ান অভিনেতা,পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই । অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট গল্পকাৰ ড৹ অপূৰ্ব কুমাৰ শৰ্মা, বিশিষ্ট সাংবাদিক নিত্য বৰা, হাইদৰ হুছেইনকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:চিত্ৰ শিল্পৰ মাধ্যমেৰে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি চিত্ৰশিল্পীৰ - Death Anniversary Of Parag Das

Parag Kumar Das Journalism Award: বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান