ETV Bharat / state

অসমৰ ২০ জিলাৰ পানীত পোৱা গৈছে মাৰাত্মক আৰ্ছেনিক আৰু ফ্ল'ৰাইড

author img

By

Published : Jan 18, 2022, 2:06 PM IST

ৰাজ্যৰ খোৱাপানীত পোৱা গৈছে বিষাক্ত আৰ্ছেনিক আৰু ফ্ল’ৰাইড (Arsenic and fluoride contamination found in ground waters of Assam districts)। ৰাজ্যৰ ৩৩ খন জিলাৰ ২০ খন জিলাৰ ভূ-গৰ্ভস্থ পানীতে মাত্ৰাধিক আৰ্ছেনিক আৰু ফ্ল'ৰাইড পোৱা গৈছে ।

Arsenic and fluoride water in Assam
অসমৰ ২০ জিলাৰ পানীত মাৰাত্মক আৰ্ছেনিক আৰু ফ্ল'ৰাইড

গুৱাহাটী,১৮ জানুৱাৰী : ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত ২০ খন জিলাৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক আৰ্ছেনিক আৰু ফ্ল'ৰাইডৰ অৱস্থিতি ধৰা পৰিছে (Arsenic and fluoride found in Assam waters) ৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ৰাজ্যৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৫ শতাংশ মানুহে প্ৰাণঘাতী আৰ্ছেনিক আৰু ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰি আছে ৷ খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী কাৰ্যসূচীৰ তথ্য মতে, ৰাজ্যৰ ২০ খন জিলাৰ ২২৮২ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক আৰ্ছেনিক আছে ৷ আকৌ ৰাজ্যৰ ৭ খন জিলাৰ ২৬৭ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক ফ্ল'ৰাইড পোৱা গৈছে ৷

তথ্য মতে, বাক্সা জিলাৰ ৮৭৬ টা চুবুৰিত, নলবাৰী জিলাৰ ৬৫৭ টা চুবুৰিত, বৰপেটা জিলাৰ ১২৭ টা চুবুৰিত, যোৰহাট জিলাৰ ১৭ টা চুবুৰিত, মাজুলী জিলাৰ ২১১ টা চুবুৰিত, দৰং জিলাৰ ১২১ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত প্ৰাণঘাতী আৰ্ছেনিক পোৱা গৈছে ৷ আকৌ ধুবুৰী জিলাৰ ৮৫ টা চুবুৰি, দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ ৭৬ টা চুবুৰি, গোলাঘাট জিলাৰ ৭২ টা চুবুৰি, ধেমাজী জিলাৰ ৬২ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত সবাৰ্ধিক প্ৰাণঘাতী আৰ্ছেনিক পোৱা গৈছে ৷ ইয়াৰ পৰা দেখা যায় যে বাক্সা, নলবাৰী, বৰপেটা, মাজুলী আৰু দৰং জিলাৰ ভূৰ্গভস্থ পানীত আৰ্ছেনিকে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷

ইপিনে খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ তথ্য মতে, ওডালগুৰি জিলাৰ ৭৯ টা চুবুৰি, ধুবুৰী জিলাৰ ৫৩ টা চুবুৰি, নলবাৰী জিলাৰ ২১ টা চুবুৰি আৰু কাৰ্বি আংলং জিলাৰ ১৫ টা চুবুৰীৰ ভূ-গৰ্ভস্থ পানীত প্ৰাণঘাতী ফ্ল'ৰাইড পোৱা গৈছে ৷

উল্লেখ্য যে আৰ্ছেনিকযুক্ত পানী সেৱনৰ ফলত ছালৰ কৰ্কট ৰোগ, কিডনী, যকৃত, বিভিন্ন ছালৰ বেমাৰ আৰু ফ্ল'ৰাইডযুক্ত পানীৰ পৰা দাঁতৰ বিভিন্ন গুৰুতৰ ৰোগ হয় ৷ ৰাজ্যত এইধৰণৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে । আক্ষেপৰ কথা যে কেন্দ্ৰীয় চৰকাৰে হওঁক বা ৰাজ্য চৰকাৰে জনস্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলাৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে ৷

কেন্দ্ৰত ২০১৪ চনতে শাসনৰ ক্ষমতা দখল কৰি বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন নামৰ এখন অভিলাষী আচঁনি আৰম্ভ কৰিছিল ৷ কিন্তু এই আচঁনিখনে আৰ্ছেনিক আৰু ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰি থকা জিলাকেইখনক সামৰি লোৱা নাই ৷ এই আঁচনিখনে ৰাজ্যৰ মাত্ৰ সাতখন জিলা কামৰূপ মহানগৰ, যোৰহাট, শিৱসাগৰ, হাইলাকান্দি, বঙাইগাঁও, মৰিগাঁও আৰু শোণিতপুৰ জিলাকেইখনৰ একাংশ গাঁৱৰ এলেকাকে সামৰি লৈছে ৷ কিন্তু এই আচঁনিখনৰ কাম এতিয়ালৈকে কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ আৰু ডিমৰীয়া অঞ্চলত আৰম্ভ কৰাৰ লগতে যোৰহাট আৰু হাইলাকান্দি জিলাত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Assam COVID update: সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.