ETV Bharat / state

বাঘৰ বাবে অনুষ্ঠিত কৰিলে এখন সভা; ক’ত কোনে ?

author img

By

Published : Jan 18, 2022, 1:13 PM IST

বাঘৰ মুক্ত বিচৰণে বিহালীৰ বিভিন্ন অঞ্চলসমূহত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বাঘৰ আক্ৰমণত মৃত্যু হৈছে শতাধিক গৰু-ম’হৰ (Tiger attack at Behali) ৷ বিনিদ্ৰ ৰজনী কটাইছে গাঁওবাসীয়ে ৷ যাৰফলত সোমবাৰে দক্ষিণ ৰাংছালী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ ৰাংছালী আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় (Public in Behali held conference on tiger menace) ৷

public-in-behali-held-conference-to-discussion-on-tiger-menace
বিহালীত বাঘৰ আতংক

বিশ্বনাথ, 18 জানুৱাৰী : বিহালীত অব্যাহত বাঘৰ মুক্ত বিচৰণ ৷ বিগত কেইবাদিনো ধৰি বিহালী সমষ্টিৰ বটিয়ামাৰী ৰাংছালীকে ধৰি বিভিন্ন স্থানত বাঘৰ বিচৰণে ত্ৰাস কৰিছে (Tiger menace at Behali) ৷ বিহালীৰ গাঁৱসমূহত সোমাই পোহনীয়া গৰু-ম’হৰ ওপৰত আক্ৰমণ চলাই আহিছে ঢেকীয়াপতীয়া বাঘে (Tiger attack at Behali) ৷ ইতিমধ্যে বাঘৰ আক্ৰমণত শতাধিক গৰু-ম’হ মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷

public-in-behali-held-conference-to-discussion-on-tiger-menace
বিহালীত বাঘৰ আতংক

বাঘৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ সোমবাৰে বিহালী সমষ্টিৰ বটিয়ামাৰী গাঁৱৰ অন্তৰ্গত দক্ষিণ ৰাংছালী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় (Public in Behali held conference on tiger menace) ৷ এই সভাত সভাপতিত্ব কৰে যুৱ সমাজ কৰ্মী চিৰাজ হাজৰিকাই আৰু সভাখন আঁত ধৰে অনূসূচীত জাতি উন্নয়ন ব’ৰ্ডৰ বিশ্বনাথ জিলাৰ অধ্যক্ষ অৰূপ কুমাৰ দাসে । এই সভাত বৃহত্তৰ ৰাংছালী-বটীয়ামাৰী অঞ্চলৰ ৰাইজ উপস্থিত থাকি নিজৰ সমস্যা সমূহ অৱগত কৰে ৷

লগতে এই সভাখনত জ্যেষ্ঠ নাগৰিক পূৰ্ণধৰ দাস, কাৰ্তিক দাস, জীৱন দাস, নিজ বিহালী গাঁও পঞ্চায়ত সভাপতি প্ৰেম কান্ত ছেত্ৰী, বটিয়ামাৰী গাঁও পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, বিহালী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকি ৰাইজৰ লগত সমস্যাসমূহ আলোচনা কৰে ৷

public-in-behali-held-conference-to-discussion-on-tiger-menace
বিহালীত বাঘৰ আতংক

ইফালে এই সভাত উপস্থিত থকা বনবিভাগৰ বন বিষয়া সকলে ক্ষতিপূৰণৰ সকলো ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰি ৰাইজক আশ্বাস প্ৰদান কৰে ৷ লগতে এই সভাত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল বিষয়া কনক বৈশ্য, পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া বন অৰুণ বিকনিচ, বৰগাংৰ বনাঞ্চলিক মানিক চন্দ্ৰ ৰয়, বন্যপ্ৰাণী গমিৰি বনাঞ্চলিক বিষয়া প্ৰাঞ্জল গগৈ, বিহালী আৰক্ষী থানাৰ গাঁওৰক্ষীবাহিনী সভাপতি কুমুদ শইকীয়া ৷

ইয়াৰোপৰি বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ জ্যোতি নমশুদ্ৰ,অনুসূচীত জাতি উন্নয়ন ব’ৰ্ড বিশ্বনাথ জিলাৰ অধ্যক্ষ অৰূপ কুমাৰ দাসৰ লগতে ৰাংছালী আৰ্থিক সামাজিক উন্নয়ন সমিতি কাৰ্যকৰী সভাপতি সঞ্জীৱ কুমাৰ দাসকে বিষয়ববীয়া সকলো উপস্থিত থাকে এই ৰাজহুৱা সভাখনত ৷

public-in-behali-held-conference-to-discussion-on-tiger-menace
বিহালীত বাঘৰ আতংক

আনহাতে সভাত ভুক্তভোগী ৰাংছালী গাঁৱৰ কাৰ্তিক দাস, কুমুদ শইকীয়াই কাজিৰঙা উদ্যানৰ পৰা বাঘকে ধৰি অন্যান্য বন্যপ্ৰাণীসমূহ খাদ্যকে ধৰি বহু অসুবিধাৰ বাবে গাঁও অঞ্চললৈ ঢাপলি মেলে বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে সভাত উপস্থিত থাকি জীৱন দাসে কয় আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ সীমাটো শীঘ্ৰে নিৰ্ধাৰণ কৰা কথা প্ৰকাশ কৰে ৷

এই সভাই ৰাংছালী জুৰীয়া ঘাটত বন শিৱিৰ স্থাপন, বন্যপ্ৰাণী ৰোধ কৰিবলৈ পৰা বিশেষ ব্যৱস্থা, গমিৰি পৰা ৰাংছালী দলনীলৈকে নদীৰ ঘাট সমূহত বিজুলীবাতিৰ ব্যৱস্থা কৰা, মাছ মৰীয়া সকলকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ, সীমা সমস্যাটোৰ সমাধান নোহোৱা পৰ্যন্ত গৰু ম'হৰ খুটি সমূহ পূৰ্বৰ স্থানতে বাহাল থাকিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰি উপায়ুক্তৰ লগতে বন বিভাগৰ বিষয়া আৰু স্থানীয় বিধায়ক ৰঞ্জিত দত্তলৈ প্ৰেৰণ কৰাৰ সভাই সিদ্ধান্ত লয় (Memorandum sent to MLA Ranjit Dutta) ।

লগতে পঢ়ক : Anti drugs operation by Assam police: ৰাজ্যৰ কেইবাটাও স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.