ETV Bharat / city

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Jan 10, 2022, 3:00 PM IST

Top Ten at 3 PM
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

No Mask, No Entry : ভেকচিন গ্ৰহণ নকৰা কৰ্মচাৰীয়ে লাভ নকৰে দৰমহা, থাকিব লাগিব ঘৰতে

ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ (Assam Government to strict action against Non vaccinated Employees) নীতি চৰকাৰৰ ৷ প্ৰতিষেধক গ্ৰহণ নকৰা কৰ্মচাৰীসকলে আহিব নোৱাৰিব কাৰ্যালয়লৈ ৷ ঘৰতে বহি থকাৰ বিনিময়ত লাভ নকৰিব মাহেকৰ বেতন ৷ যোৰহাটত এই ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Health minister Keshab Mahanta in JMCH) ৷

দুলিয়াজানৰ SP সন্মিলনৰ পাৰ্শ্বক্ৰিয়া : ইজনৰ পিছত সিজন শীৰ্ষ আৰক্ষী ক’ভিড প'জিটিভ

3 ৰ পৰা 5 জানুৱাৰীলৈকে দুলীয়াজানত অনুষ্ঠিত হৈ যোৱা অসম আৰক্ষীৰ অধীক্ষক সকলৰ বৈঠকে এতিয়া বিপদ মাতিছে আৰক্ষীৰ(Side effects of the SP conference in Duliajan) ৷ সাধাৰণ জনতাক ক'ভিড-19ৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ সততে সতৰ্ক কৰি অহা অসম আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়া এতিয়া নিজেই আক্ৰান্ত হৈছে ক'ভিড-19ত(Many top police officers have been affected in Covid) ৷

Police Encounter at chabua : চাবুৱাত আৰক্ষীৰ গুলীত আহত ডকাইত

সোমবাৰে পুৱতি নিশা ডিব্ৰুগড় জিলাৰ চাবুৱাত সংঘটিত হৈছে এক গুলীচালনাৰ (Police Encounter at chabua) ঘটনা ৷ চাবুৱাৰ এম এইচ তিনিআলিত থকা এটা এটিএমৰ ভিতৰত সংঘটিত এই ঘটনাত আহত হৈছে (Dacoit injured in police encounter at Chabua) এটা ডকাইত ৷

Land Centric Conflict : নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ গ’ল এজনৰ

ভূমিক কেন্দ্ৰ কৰি চলি অহা এখন দীৰ্ঘদিনীয়া কাজিয়াৰ পৰিণতিত দেওবাৰে এজনে প্ৰাণ হেৰুৱাব লগীয়া হ’ল নগাঁৱত (One killed in land centric clash at Juria in Nagaon)৷ দুটা ফৈদৰ মাজত থকা ভূমি বিবাদে আক্ৰমণৰ ৰূপ লোৱাত মৃত্যু ঘটে গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিৰ ৷

Guwahati Smart City Project : গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ নামত চৰম ভেকোভাওনা

ঢোৱা চাঙত গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প ৷ ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট চৰকাৰী বিভাগৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে স্মাৰ্ট চিটীৰ পৰিকল্পনাই আজিও বাস্তৱ ৰূপ নাপালে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ধনৰ অনুমোদন দিয়া স্বত্বেও আজি পৰ্যন্ত ফাইলতে আৱদ্ধ হৈ থাকিল উন্নয়নৰ এই আঁচনিসমূহ (PMs smart city dream for Guwahati is a long way from fulfilment) ৷

Bhaona Samaroh at Majuli : মাজুলীত ভাওনা সমাৰোহৰ পূৰ্ণ প্ৰস্তুতি

19 জানুৱাৰীৰ পৰা 15 দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হ’বলগীয়া ভাওনা সমাৰোহৰ পূৰ্ণ প্ৰস্তুতি (15 days bhaona samaroh in Majuli) ৷ বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰ ঘটিব এই ভাওনা সমাৰোহত ৷ উল্লেখযোগ্য যে, মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰই প্ৰত্যেক 2 বছৰৰ অন্তৰে অন্তৰে ভাওনা সমাৰোহ উদযাপন কৰি আহিছে (Aaauniaati bhaona samaroh Majuli) ৷

Manoranjan talukdar on CM: মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সৰভোগৰ বিধায়কৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিল সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ মাণিকপুৰত অনুষ্ঠিত হোৱা চিপিআইএমৰ বঙাইগাঁও জিলাৰ দ্বাদশ সন্মিলন (Conference of Bongaigaon District CPIM) ত শনিবাৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকি (MLA Manoranjan Talukdar attends CPIM District Conference) আগন্তুক ৰাজ্যসভাৰ সাংসদ নিৰ্বাচনত বিধায়ক কিনা বেচা হোৱাৰ স্পষ্ট ইংগিত দিলে সৰভোগৰ বিধায়কগৰাকীয়ে ৷

দেশৰ স্বাস্থ্য ক্ষেত্ৰত নতুন সংযোজন: মাতৃ ঘৰৰ জড়িয়তে দুৰ্গম এলেকাৰ গৰ্ভৱতী মহিলাই পাব স্বাস্থ্যসেৱা

ভাৰতবৰ্ষৰ স্বাস্থ্যখণ্ডত সংযোজন হ'ল আন এক গুৰুত্বপূৰ্ণ সেৱা ৷ দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম অঞ্চল তাৰাপুং-বৰপুং নামৰ ঠাইত মুকলি কৰা হয় ‘মাতৃ গৃহ’ (Matri ghar inaugurate in Karbi Anglong) ৷ এই গৃহত গৰ্ভৱতী মহিলা সকলৰ যত্ন লোৱাৰ লগতে এখন চিকিৎসালয়ত পাব পৰা সকলো সুবিধা এই গৃহতে প্ৰদান কৰা হ’ব গৰ্ভৱৰ্তী মহিলাসকলক ৷

Omicron varient in India : ভাৰতত দিনে 13.29 শতাংশ হাৰত বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা

ভাৰতত অ’মিক্ৰণত আক্ৰান্তৰ সমখ্যা অতি ভয়াবহ হাৰত বৃদ্ধি পাইছে । বৰ্তমানলৈকে দেশৰ 27 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ৰণা ভাইৰাছৰ এই নতুন প্ৰকাৰ অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 4,033 গৰাকী ।

নগাঁৱত ২৭ সংখ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিৱেশন

নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ ২৭ সংখ্যক অধিৱেশন(State conference of ABVP holds in Nagaon) ৷ অধিৱেশনত উপস্থিত অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোহাঁই(Boxer Lovlina Borgohain attends State conference of ABVP ) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.