Manoranjan talukdar on CM: মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সৰভোগৰ বিধায়কৰ

By

Published : Jan 10, 2022, 11:28 AM IST

thumbnail

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিল সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ মাণিকপুৰত অনুষ্ঠিত হোৱা চিপিআইএমৰ বঙাইগাঁও জিলাৰ দ্বাদশ সন্মিলন (Conference of Bongaigaon District CPIM) ত শনিবাৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকি (MLA Manoranjan Talukdar attends CPIM District Conference) আগন্তুক ৰাজ্যসভাৰ সাংসদ নিৰ্বাচনত বিধায়ক কিনা বেচা হোৱাৰ স্পষ্ট ইংগিত দিলে সৰভোগৰ বিধায়কগৰাকীয়ে ৷ সম্প্ৰতি বিজেপিয়ে কংগ্ৰেছৰ লগতে আন আন দলীয়া বিধায়কক নিজৰ হাতলৈ অনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিলে সংবাদমাধ্যমৰ আগত ৷ বিজেপিৰ এনেধৰণৰ কাম-কাজৰ বাবে এগৰাকী বিধায়ক হিচাপে তেও লজ্জিত হোৱা বুলি কৰিলে মন্তব্য ৷ লগতে চৰকাৰে জাৰি কৰা নতুন ক'ভিড নিৰ্দেশনাকো তীব্ৰ সমালোচনা কৰে (MLA Manoranjan Talukdar on New Covid SOP) বিধায়ক গৰাকীয়ে ৷ উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত বঙাইগাঁও জিলা চিপিআইএমৰ দ্বাদশ সন্মিলনৰ মুকলি সভাত জিলাখনৰ চিপিআইএমৰ দলীয় নেতা-কৰ্মীৰ লগতে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.