ভেকচিন গ্ৰহণ নকৰা কৰ্মচাৰীয়ে লাভ নকৰে দৰমহা, থাকিব লাগিব ঘৰতে : স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Jan 10, 2022, 2:18 PM IST

Updated : Jan 10, 2022, 3:56 PM IST

Keshab Mahanta in JMCH
যোৰহাটত বুষ্টাৰ ড’জৰ আৰম্ভণি অনুষ্ঠান ()

ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ (Assam Government to strict action against Non vaccinated Employees) নীতি চৰকাৰৰ ৷ প্ৰতিষেধক গ্ৰহণ নকৰা কৰ্মচাৰীসকলে আহিব নোৱাৰিব কাৰ্যালয়লৈ ৷ ঘৰতে বহি থকাৰ বিনিময়ত লাভ নকৰিব মাহেকৰ বেতন ৷ যোৰহাটত এই ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Health minister Keshab Mahanta in JMCH) ৷

যোৰহাট, 10 জানুৱাৰী : আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে সুৰক্ষা সূচক ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৷ যাক সহজ অৰ্থত ক’ব পাৰি ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধক অৰ্থাৎ বুষ্টাৰ ড’জ বুলি ৷ সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta launched the precautionary dose of Covid 19 in JMCH) ৷

health-minister-keshab-mahanta-launched-the-precautionary-dose-of-covid-19-in-jmch
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যমন্ত্ৰী

মন্ত্ৰীগৰাকীয়ে বুষ্টাৰ ড’জৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত (Health minister Keshab Mahanta in JMCH) থাকি এই ড’জ গ্ৰহণ কৰিবলৈ উপযুক্ত লোকসকলক আহ্বান জনায় ৷ উল্লেখ্য যে, সদ্যহতে এই প্ৰতিষেধক গ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে 60 ৰ ঊৰ্ধৰ ব্যক্তিসকলৰ লগতে এই যুঁজত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি অহা যোদ্ধাসকলক ৷ এই শ্ৰেণীত সন্নিৱিষ্ট থাকিব চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষী, সাংবাদিকৰ দৰে বিশেষ শ্ৰেণীৰ লোকসকল ৷

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠান মুকলি কৰি কয় যে, ক’ভিড সংক্ৰমণ ৰোধৰ স্বাৰ্থত কঠোৰ স্থিতি গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ যাৰ বাবে প্ৰয়োজনত নৈশ সান্ধ্যৰ সময় বৃদ্ধি কৰা হ’ব ৷ আনহাতে, এই সময়চোৱাত চৰকাৰী নিৰ্দেশ উলংঘা কৰি বাহিৰত চলা-ফুৰা লোকসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব যথাযথ ব্যৱস্থা ৷

যোৰহাটত বুষ্টাৰ ড’জৰ আৰম্ভণি অনুষ্ঠান

আনহাতে, ফেব্ৰুৱাৰীৰ ভিতৰত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ টীকাকৰণ সম্পূৰ্ণ কৰি তোলা হ’ব ৷ তদুপৰি দুটাকৈ ড’জ লোৱা ব্যক্তিসকলে প্ৰতিষেধকৰ চাৰ্টিফিকেট লৈহে সকলো প্ৰকাৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব ৷ এই কথাও আজি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ লগতে মাস্ক পৰিধান নকৰা লোকসকলক (No Mask No Entry Policy by Assam Government) কোনো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠানত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও স্বাস্থ্যমন্ত্ৰীয়ে সদৰী কৰে ৷

লগতে চাওক: Mosambi peels can help prevent Cancer : মৌচুমী ফলৰ বাকলিয়ে প্ৰতিৰোধ কৰিব পাৰে দুৰাৰোগ্য কৰ্কট ৰোগ

Last Updated :Jan 10, 2022, 3:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.